অসম

দুয়োখন ভৰি নথকা সত্বেও জীৱন যুঁজত হাৰ নমনা এজন বিশেষ যুঁজাৰু

চলন্ত ৰেলৰ পৰা এটি শিশুৰ জীৱন ৰক্ষা কৰোঁতেই দুয়োখন ভৰি ৰেলে কাটিছিল যুৱকজনৰ। কিন্তু এক মাৰাত্মক ভুলৰ বাবেই জনৈক দাস এতিয়া আৰক্ষীৰ জিম্মাত

কণমাণি শিশুক চলন্ত ৰেলৰ পৰা বচাই দুই ভৰি হেৰুৱা জনৈক দাস আজি আৰক্ষীৰ জিম্মাত।
সোণাৰিৰ এগৰাকী বিশেষ ভাৱে সক্ষম যুৱক।দুয়োখন ভৰি নথকা সত্বেও জীৱন যুঁজত হাৰ নমনা এজন বিশেষ যুঁজাৰু। ৫ বছৰ পূৰ্বে ডিমাপুৰত এক দুৰ্ঘটনাত দুয়োখন ভৰি হেৰুৱাইছিল যুৱক জনে। চলন্ত ৰেলৰ পৰা এটি শিশুৰ জীৱন ৰক্ষা কৰোঁতেই দুয়োখন ভৰি ৰেলে কাটিছিল যুৱকজনৰ।

উল্লেখ্য যে দুয়োখন ভৰি হেৰুৱাই ভাগৰি নপৰা দাসৰ জীৱনলৈ দুৰ্ঘটনাতোৰ পাছতেই প্ৰেমৰ আগমন ঘটিছিল। প্ৰায় ২ বছৰত কৈ অধিক সময় ভাল পোৱাৰ পাছতেই দুয়োগৰাকীয়ে বিবাহপাশত আৱদ্ধ হোৱাৰ সিদ্ধান্ত লৈছিল। আৰু এইটোৱেই আছিল যুৱকজনৰ মাৰাত্মক ভুল। যাৰ বাবে তেওঁৰ জীৱনলৈ নামি আহিল বিপদ। কাৰণ তেওঁ বিয়া কৰোঁৱা কিশোৰী গৰাকীৰ বয়স আছিল ১৭ বছৰ। এই মাৰাত্মক ভুলৰ বাবেই জনৈক দাস এতিয়া আৰক্ষীৰ জিম্মাত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen + twelve =

Back to top button