অৰ্থনৈতিকঅসমদৈনিক বাতৰি

নগাঁও আৰু কাছাৰ কাগজ কলৰ সমুদায় সম্পত্তি অধীন হ’ল অসম চৰকাৰৰ

অসম চৰকাৰৰ কেবিনেটৰ অনুমোদন অনুসৰি এক নিবিদাৰ জৰিয়তে কল দুটাৰ বৃহৎ সম্পত্তি ৩৭৫ কোটি টকাত ক্ৰয় কৰে। ফলত কাগজ কলৰ মূল গে'টৰ পৰা আঁতৰিল হিন্দুস্তান কাগজ নিগমৰ ফলক। তাৰ ঠাইত লাগিল অসম চৰকাৰৰ এখন নতুন ফলক।

নগাঁও আৰু কাছাৰ কাগজ কল দুটা সোমবাৰে অসম চৰকাৰৰ উদ্যোগ বিভাগে আনুষ্ঠানিকভাৱে ক্ৰয় কৰাৰ পিছত কল দুটাৰ সমুদায় সম্পত্তি অধীন হ’ল অসম চৰকাৰৰ।

অসম চৰকাৰৰ কেবিনেটৰ অনুমোদন অনুসৰি এক নিবিদাৰ জৰিয়তে কল দুটাৰ বৃহৎ সম্পত্তি ৩৭৫ কোটি টকাত ক্ৰয় কৰে। ফলত কাগজ কলৰ মূল গে’টৰ পৰা আঁতৰিল হিন্দুস্তান কাগজ নিগমৰ ফলক। তাৰ ঠাইত লাগিল অসম চৰকাৰৰ এখন নতুন ফলক।

উত্তৰ পূৰ্বাঞ্চলৰ এই বৃহৎ কাগজ উদ্যোগ দুটা অসম চৰকাৰলৈ হস্তান্তৰ হোৱাৰ ক্ষেত্ৰত কাগজ নিগম কৰ্মী ইউনিয়ন, জইন্ট একশ্যন কমিটি অৱ ৰিকগনাইজড ইউনিয়ন তথা শ্ৰমিক সংগঠনৰ নেতৃত্বই আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে। চৰকাৰক ধন্যবাদ জ্ঞাপন কৰাৰ সমান্তৰালভাৱে কল দুটাৰ সংগঠন সমূহৰ নেতৃত্বই দেশত কাগজৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি কাগজ উদ্যোগ দুটা পুণৰুজ্জীৱিত কৰিবলৈ আহ্বান জনায় অসম চৰকাৰক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.