অসমপৰিৱেশবতৰ

কপিলী নৈৰ সংহাৰী ৰূপ! উমৰাংছ’ বান্ধৰ গেইট খুলি দিয়াত পুনৰ বুৰ গ’ল বহু গাঁও

পশ্চিম কাৰ্বি আংলঙৰ টুম্প্ৰেঙৰ বৃহত্তৰ অঞ্চলত কপিলী নৈয়ে ধাৰণ কৰিছে সংহাৰী ৰূপ। উমৰাংছ’ বান্ধৰ গেইট খুলি দিয়াত পুনৰ বৃদ্ধি পাইছে কপিলী নৈৰ জলস্তৰ। ফলত প্লাৱিত পশ্চিম কাৰ্বি আংলং জিলাৰ টুম্প্ৰেং অঞ্চলৰ ন ন অঞ্চল

পশ্চিম কাৰ্বি আংলঙৰ টুম্প্ৰেঙৰ বৃহত্তৰ অঞ্চলত কপিলী নৈয়ে ধাৰণ কৰিছে সংহাৰী ৰূপ। উমৰাংছ’ বান্ধৰ গেইট খুলি দিয়াত পুনৰ বৃদ্ধি পাইছে কপিলী নৈৰ জলস্তৰ। ফলত প্লাৱিত পশ্চিম কাৰ্বি আংলং জিলাৰ টুম্প্ৰেং অঞ্চলৰ ন ন অঞ্চল। প্লাৱিত হৈ পৰিছে ভেলাপাৰা, সাতগাঁও, মুগাচং অঞ্চল।

টুম্প্ৰেং লাংছ’পীৰ লগতে বহু ঠাইত মথাউৰিৰ ওপৰেদি পানী বাগৰি বুৰাই পেলাইছে বহু গাঁও। আনহাতে টুম্প্ৰেং বজাৰৰ কাষতে থকা মথাউৰিটোৰ ঠায়ে ঠায়ে লিক কৰি কিছু পৰিমানে পানী নিগৰিছে। ফলত আতংকিত হৈ পৰিছে টুম্প্ৰেং বজাৰৰ কাষৰ লোকসকল।

টুম্প্ৰেং-ডংকামোকাম, টুম্প্ৰেং-হোজাই আদিকে ধৰি বহুকেইটা পথৰ ওপৰেদি পানী বাগৰাৰ ফলত স্তব্ধ হৈ পৰিছে যাতায়ত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 + six =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.