Socialঅপৰাধঅসম

মুখত মিচিকিয়া হাঁহি বিৰিঙাই ফুৰা ছোৱালীজনী আৰু নাই, ৰঞ্জিতা ছেত্ৰীৰ আত্মহত্যাই জোকাৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়…

বিশ্ববিদ্যালয় সপ্তাহৰ হৈ-চৈ মাৰ নৌযাওঁতেই ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত হোৱা এই ঘটনাই স্বাভাৱিকতে শোকৰ ছাঁ পেলাইছে বিশ্ববিদ্যালয়খনত

এক চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এগৰাকী মেধাবী ছাত্ৰীৰ আত্মহত্যাই শিক্ষানুষ্ঠানখনত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। মঙলবাৰে, বিশ্ববিদ্যালয়ৰ ছাত্ৰী নিবাস-(পুৰণি)আইদেউ সন্দিকৈ ছাত্ৰী নিবাসৰ আবাসী ৰঞ্জিতা ছেত্ৰীৰ আত্মহত্যাৰ ঘটনাই শংকিত কৰি তুলিছে সকলোকে।

মুখত মিচিকিয়া হাঁহি বিৰিঙাই ফুৰা ছোৱালীজনী আৰু নাই, ৰঞ্জিতা ছেত্ৰীৰ আত্মহত্যাই জোকাৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়...

দৰ্শন বিভাগত অধ্যয়নৰত ছাত্ৰী ৰঞ্জিতা ছেত্ৰীৰ ঘৰ আছিল উত্তৰ লখিমপুৰ জিলাৰ বিহপুৰীয়াত। অত্যন্ত মেধাবী ছাত্ৰী ৰঞ্জিতাই মঙলবাৰে যোৱা নাছিল শ্ৰেণীকোঠালৈ। ক্লাছ কৰিবলৈ নোযোৱাৰ বাবে নিজ ৰুমতে আছিল ছাত্ৰীগৰাকী। আনকি সকলোৰে সৈতে স্বাভাৱিকভাৱেই কথা-বতৰাও হৈছিল ৰঞ্জিতাৰ। আনহাতে, ক্লাছলৈ বুলি ওলাই যোৱা ৰুমমেটে হোষ্টেললৈ উভতি আহি ৰুমৰ দৰ্জা বহু সময়লৈকে বন্ধ দেখি চিঞৰ-বাখৰ কৰাত ওলাই আহে হোষ্টেলৰ আন ছাত্ৰীসকল। পৰৱৰ্তী সময়ত ৰুমৰ দৰ্জা ভঙাত সকলোৱে মৃত অৱস্থাত প্ৰত্যক্ষ কৰে ৰঞ্জিতা ছেত্ৰীক।

অৱশ্যে, এতিয়াও ৰহস্যৰ আৱৰ্ত্তত আছে ৰঞ্জিতাৰ আত্মহত্যাৰ কাৰণ। বিশ্ববিদ্যালয় সপ্তাহৰ হৈ-চৈ মাৰ নৌযাওঁতেই ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত হোৱা এই ঘটনাই স্বাভাৱিকতে শোকৰ ছাঁ পেলাইছে বিশ্ববিদ্যালয়খনত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven + twelve =

Back to top button