leatest updateঅসমদৈনিক বাতৰি

বানৰ বিভিষিকা! বৰ্তমানেও অপৰিৱৰ্তিত নলবাৰীৰ বান পৰিস্থিতি।

বানৰ কবলত নলবাৰীৰ বৰভাগ ৰাজহ চক্ৰটোৰ ৩৫খনকৈ গাঁও...

ৰাজ্যৰ চৌদিশে বানৰ হাহাকাৰ পৰিস্থিতি। ক’ৰবাত যদি ভাগিছে মথাউৰি, ক’ৰবাত আকৌ খহিছে গৰা। খেতি পথাৰ, ঘৰ বাৰি সকলো এফালৰ পৰা উটুৱাই নিছে বানে। আপোন ঘৰখন হেৰুৱাই এতিয়া শোকত ভাগি পৰিছে বানাক্ৰান্ত। ৰাজ্যত বানৰ কবলত পৰি বৰ্তমান লৈকে মৃত্যু হৈছে এজন লোকৰ।

উল্লখ্য় যে, বৰ্তমানেও অপৰিৱৰ্তিত নলবাৰীৰ বান পৰিস্থিতি। বানৰ কবলত নলবাৰীৰ বৰভাগ ৰাজহ চক্ৰটোৰ ৩৫খনকৈ গাঁও। বৰভাগৰ বৰশিমলুৱা,বৰবুকীয়া,বৰগাছা,সঠা,আৰঙ্গমৌ,দোকোহা প্ৰায় বিচ্ছিন্ন যোগাযোগ বৃহত্তৰ অঞ্চলটোৰ বাট-পথ এতিয়া পানীৰ তলত। অঞ্চলটোত অভাৱ হৈ হৈছে এটুপি খোৱাপানীৰ। পশুধনৰ বাবে অভাৱ হৈছে খাদ্যৰ। এতিয়াও বানত আক্ৰান্তই পোৱা নাই পৰ্যাপ্ত বান সাহাৰ্য।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.