অৰ্থনৈতিকঅসমজীৱনশৈলীদৈনিক বাতৰিপৰিৱেশবতৰ

অসমত প্ৰলয়ংকৰী বান! বানপানীৰ কবলত ২৮ খন জিলা, ১৯ লাখ লোক বিস্তৰভাৱে ক্ষতিগ্ৰস্ত!

ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ বাঢ়নী পানীয়ে ৰাজ্যৰ কেইবাখনো জিলাত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে

কেইবাদিন ধৰি হৈ থকা মুষলধাৰ বৰষুণৰ ফলত ৰাজ্যৰ চৌদিশে এতিয়া ভয়ংকৰ জলপ্ৰলয়। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ বাঢ়নী পানীয়ে ৰাজ্যৰ কেইবাখনো জিলাত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে।

assam flood

মনকৰিবলগীয়া যে, বানপানীৰ সময়ত নাৱেই হৈছে অসমৰ জনসাধাৰণৰ যাতায়তৰ প্ৰধান আহিলা। নাও ব্যৱহাৰ কৰিয়েই বানপীড়িতসকলে তেওঁলোকৰ সা-সামগ্ৰীসমূহ সুৰক্ষিত স্থানলৈ লৈ যায় অথবা জৰুৰীকালীন অৱস্থাত ৰোগী কঢ়িয়াই নিয়াৰ বাবে নাওৰ ব্যৱহাৰ কৰা হয়। প্ৰশাসনেও বানপীড়িত লোকসকলক উদ্ধাৰৰ বাবে নাও ব্যৱহাৰ কৰে।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে (ASDMA) জনাইছে যে ৰাজ্যখনৰ ২৮ খন জিলা বানপানীৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে । এই জিলাসমূহত, বানপানীৰ ফলত প্ৰায় ১৯ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে।

flood

অসমত যোৱা কেইদিনমানৰ পৰা নেৰানেপেৰা বৰষুণৰ ফলত গুৱাহাটীৰ বিভিন্ন স্থানত কৃত্ৰিম বানপানীও জমা হৈছে।

Flood

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেওঁক শেহতীয়া বান পৰিস্থিতিৰ বিষয়ে জানিবলৈ ফোন কৰিছিল। এই প্ৰাকৃতিক দুৰ্যোগৰ ফলত ৰাইজে সন্মুখীন হোৱা অসুবিধাৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কেন্দ্ৰীয় চৰকাৰৰ পৰা সকলো ধৰণৰ সাম্ভাব্য সহায়ৰ আশ্বাস দিয়ে।

cm flood

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 3 =

Back to top button