অসম

আধুনিকতাৰ কবলত হেৰাই যাব ধৰিছে নেকি “মহো হো” উৎসৱ!

উৎসৱ। টিহু সাংস্কৃতিক ক'লা পৰিষদৰ সৌজন্যত "মহো হো" উৎসৱ জীয়াই ৰখাৰ প্ৰয়াস একাংশ জ্যেষ্ঠ নাগৰিকৰ

আজি আঘোণৰ পূৰ্ণিমা । আঘোণৰ পূৰ্ণিমাত পালন কৰা হয় “মহো হো ” উৎসৱ । কিন্তু আধুনিকতাৰ কবলত পৰি যেন হেৰাই যাব ধৰিছে এই উৎসৱ। সেই সময়তে টিহু সাংস্কৃতিক ক’লা পৰিষদৰ সৌজন্যত “মহো হো” উৎসৱ জীয়াই ৰখাৰ প্ৰয়াস একাংশ জ্যেষ্ঠ নাগৰিকৰ। লগতে নৱ প্ৰজন্মক “মহো হো” উৎসৱৰ প্ৰতি আকৰ্ষিত কৰাৰ প্ৰয়াস টিহু সাংস্কৃতিক ক’লা পৰিষদৰ ।

Bohuwa dance - Wikipedia

বুধবাৰে সন্ধিয়া মুখৰিত হৈ পৰে বৃহত্তৰ টিহু অঞ্চল । আঘোণ মাহৰ পূৰ্ণিমাৰ নিশা নামনি অসমত পালন কৰা অন্যতম “মহো হো” উৎসৱ উপলক্ষ্যে বুধবাৰে টিহুৰ বিভিন্ন স্হানত সন্ধিয়াৰ পৰা নিশালৈ মহখেদা গীত গাই শিশুৰ পৰা বৃদ্ধৰ বিভিন্ন গোটে গৃহস্থক আৰ্শীবাদ দিয়া পৰিলক্ষিত হয় । ইপিনে, টিহু নগৰত টিহু সাংস্কৃতিক ক’লা পৰিষদৰ সৌজন্যত কেবাগৰাকী জেষ্ঠ নাগৰিকেও মহখেদা গীত পৰিৱেশন কৰে । উল্লেখযোগ্য যে সামাজিক মিলাপ্ৰীতি বঢ়োৱাৰ উপৰিও সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধাশীল কৰা বুলি বিশ্বাস থকা অসমৰ অন্যতম লোক সংস্কৃতি “মহো হো উৎসৱ” নামনি অসমৰ বিভিন্ন স্হানত আঘোণ মাহৰ পূৰ্ণিমাৰ নিশা পালন কৰা হয় । কিন্তু আধুনিকতাৰ কবলত পৰি ক্ৰমে বিলোপ হব ধৰিছে এই উৎসৱ । সেয়েহে এই সকল বয়োজ্যেষ্ঠ লোকে ” মহো হো” উৎসৱ জীয়াই ৰখাৰ প্ৰয়াস কৰাৰ লগতে নৱ প্ৰজন্মক এই উৎসৱৰ প্ৰতি আকৰ্ষিত কৰাৰ চেষ্টা কৰে ।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.