political
গুজৰাটত বৃহৎ জয় বিজেপিৰ, ১২ ডিচেম্বৰত শপত ল’ব নতুন মুখ্যমন্ত্ৰীয়ে
বিজেপিৰ ৰাজ্যিক সভাপতি চিআৰ পাটিলে ঘোষণা কৰিছে যে গুজৰাটত ১২ ডিচেম্বৰত হ’ব শপত গ্ৰহণ সমাৰোহ আৰু ভপেন্দ্ৰ ভাই পাটিল পুনৰ হ’ব মুখ্যমন্ত্ৰী
![গুজৰাটত বৃহৎ জয় বিজেপিৰ, ১২ ডিচেম্বৰত শপত ল’ব নতুন মুখ্যমন্ত্ৰীয়ে গুজৰাটত বৃহৎ জয় বিজেপিৰ, ১২ ডিচেম্বৰত শপত ল’ব নতুন মুখ্যমন্ত্ৰীয়ে](https://prathamkhabartv.com/wp-content/uploads/2022/12/mmmmmm.jpg)
গুজৰাট বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা। ১৫৭খন আসনত বৃহৎ জয় বিজেপিৰ। ১৬খন আসনতে সীমাবদ্ধ কংগ্ৰেছ। APPএ লাভ কৰিছে ৫খন আসন। অন্যান্য দলে লাভ কৰিছে ৪খন আসন। সপ্তমবাৰৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে শাসনৰ গাদী দখল কৰিলে । গুজৰাটত পুনৰ চৰকাৰ গঠন কৰিলে বিজেপিয়ে। ১২ ডিচেম্বৰত শপতগ্ৰহণ কৰিব ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰীয়ে। বিজেপিৰ ৰাজ্যিক সভাপতি চিআৰ পাটিলে ঘোষণা কৰিছে যে গুজৰাটত ১২ ডিচেম্বৰত হ’ব শপত গ্ৰহণ সমাৰোহ আৰু ভপেন্দ্ৰ ভাই পাটিল পুনৰ হ’ব মুখ্যমন্ত্ৰী।