অসমগুৱাহাটীৰাজনৈতিক

বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা!

বিধানসভাৰ মজিয়াত শিশুকলৈ কি গুৰুত্বপূৰ্ণ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই

বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। বিধানসভাৰ মজিয়াত শিশু, ৰাজহুৱাখণ্ডৰ উদ্যোগ বন্ধকলৈ বহুতো গুৰুত্বপূৰ্ণ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

 

আজিৰে পৰা আৰম্ভ হ’ল অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন। ৫ দিনীয়াকৈ চলিব এই বিশেষ অধিৱেশন। শুকুৰবাৰে অন্ত পৰিব বিধানসভাৰ এই বিশেষ অধিৱেশনৰ। মুখ্যমন্ত্ৰীৰ ভাষণেৰে আৰম্ভ হ’ল অধিৱেশন। মূল্যবৃদ্ধিকে ধৰি বহু সমস্যালৈ সাজু বিৰোধী দলসমূহ। বিৰোধীক প্ৰত্যুত্তৰ দিবলৈও সাজু শাসক দল। এই বিশেষ অধিৱেশনত
চৰকাৰে উত্থাপন কৰিব ১৯খন বিধেয়ক। লগতে ৪৮খন পুৰণি আইন বাতিলৰ বিষয়ো কৰিব উত্থাপন চৰকাৰে।

বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণাসমূহ হ’ল:

🔹‘অচিৰেই নতুন আইন আনিব চৰকাৰে’
🔹‘আদিবাসী সম্প্ৰদায়ৰ ল’ৰা-ছোৱালীক বহুলোকে কাম কৰাৰ বাবে ৰাখিছে’
🔹‘এই বিষয়টো দৃষ্টিগোচৰ হৈছে চৰকাৰৰ’
🔹‘সহায়কাৰী আনিলে সমীপৰ থানাত জনাব লাগিব’
🔹‘সহায়কাৰী ল’ৰা-ছোৱালীৰ পঢ়াৰ দায়িত্ব ল’ব লাগিব গৰাকীয়ে’

ৰাজহুৱাখণ্ডৰ উদ্যোগ বন্ধকলৈও বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে মুখ্যমন্ত্ৰীয়ে
🔹‘ৰাজহুৱাখণ্ডৰ উদ্যোগত বিনিয়োগ নকৰে চৰকাৰে’
🔹‘সমাজবাদত বিশ্বাসী নহয় অসম চৰকাৰ’
🔹‘ব্যক্তিগত খণ্ডৰ বিনিয়োগকাৰীক আদৰণি জনাব চৰকাৰে’
🔹‘অসম চৰকাৰ লেনীন, মাৰ্ক্সৰ আদৰ্শত নচলে’
🔹‘কেতিয়াও ৰাজহুৱাখণ্ডৰ উদ্যোগ স্থাপন নকৰে চৰকাৰে’
🔹‘উদ্যোগত বিনিয়োগ কৰাতকৈ ৰাস্তা-ঘাট, দলং, মেডিকেল বনাব’

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.