AssamCrimeInternationalRegionalscamSocialSocial Networkঅপৰাধঅৰুণাচল প্ৰদেশআঞ্চলিকআন্তঃৰাষ্ট্ৰীয়

অৰুণাচল প্ৰদেশৰ হোটেলত চাঞ্চল্য

মৃত্যুৰ আঁৰত ক'লা যাদু থাকিব পাৰে বুলি চৰ্চা

অৰুণাচল প্ৰদেশত হোটেলত হোৱা এক ঘটনাই ৰাজ্যত চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰকৃততে হৈছিল কি ? কেৰালাৰ তিনি ব্যক্তি অৰুণাচল প্ৰদেশৰ এখন হোটেললৈ আহিছিল । এটা দম্পতী আৰু তেওঁলোকৰ বান্ধৱীৰ সৈতে আহিছি অৰুণাচললৈ, কিন্তু মৃতদেহ উদ্ধাৰ হল আৰু সমগ্ৰ ৰাজ্যত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । আনহাতে, কেৰালা আৰক্ষীয়ে প্ৰকাশ কৰিছে যে ব্যক্তিকেইগৰাকীৰ মৃত্যুৰ আঁৰত ক’লা যাদু থাকিব পাৰে বুলি চৰ্চা চলি আছে বুলি উল্লেখ কৰিছে । এই চৰ্চাৰ মাজতে ৰাজ্যখনৰ তিনিগৰাকী লোকৰ মৃত্যুৰ ৰহস্য সন্দৰ্ভত তদন্তৰ বাবে অৰুণাচল প্ৰদেশলৈ এটা দল প্ৰেৰণ কৰিব অৰুণাচল আৰক্ষীয়ে । তিৰুৱন্তপুৰম মহানগৰৰ আৰক্ষী আয়ুক্ত চি নাগাৰাজুৱে কয় যে তিনিওগৰাকীৰ আচৰণত কিবা এক অস্বাভাৱিকতা দেখা গৈছে । কিন্তু তেওঁলোকৰ মোবাইল আৰু অন্যান্য বৈদ্যুতিন সঁজুলি পৰীক্ষা নকৰালৈকে চূড়ান্তভাৱে একো ক’ব নোৱাৰি । কোট্টায়ামৰ এটি দম্পতী আৰু তিৰুৱন্তপুৰমৰ তেওঁলোকৰ বান্ধৱীক জিলা সদৰ হাপোলিৰ হোটেল ব্লু পাইনৰ এটা কোঠাৰ ভিতৰত মৃত অৱস্থাত পোৱা গৈছিল বুলি আৰক্ষীয়ে জনায় । তিৰুৱন্তপুৰমৰ বাসিন্দা আৰ্য আৰু কোট্টায়ামৰ বাসিন্দা নবীন আৰু তেওঁৰ পত্নী দেৱী বুলি চিনাক্ত কৰা হৈছে । তেওঁৰ পত্নী দেৱীয়ে এখন ব্যক্তিগত বিদ্যালয়ত জাৰ্মান ভাষা শিকাইছিল আৰু আৰ্য একেখন বিদ্যালয়তে ফৰাচী শিক্ষক আছিল । ইফালে দম্পতীহালৰ পৰিয়ালৰ এগৰাকী বন্ধু তথা সাংস্কৃতিক কৰ্মী সূৰ্য কৃষ্ণমূৰ্তিয়ে সাংবাদিকৰ আগত কয় যে দেৱীৰ পিতৃ এগৰাকী বন্যপ্ৰাণী ফটোগ্ৰাফাৰ । তেওঁলোকৰ মৃত্যুৰ আঁৰত ক’লা যাদু আছিল বুলিও তেওঁ মত পোষণ কৰে । তেওঁ এইটোও কয় যে দম্পতীটো আয়ুৰ্বেদিক চিকিৎসক আছিল । আনহাতে, নবীনৰ পৰিয়ালৰ ওচৰত বাস কৰা স্থানীয় বাসিন্দাসকলে কয় যে দম্পতীটোৱে ১৩ বছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল আৰু মাজে মাজে আহি মাক-দেউতাকক লগ কৰিছিল । তিনিওগৰাকী ২৮ মাৰ্চত গৈ হোটেলখনত উপস্থিত হৈছিল । অৰুণাচলৰ আৰক্ষীয়ে প্ৰকাশ কৰা মতে, প্ৰাৰম্ভিক অনুসন্ধানত আত্মহত্যাৰ দিশে নিৰ্দেশ কৰিছে । কিন্তু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পোৱাৰ পিচতহে এক নিশ্চিত সিদ্ধান্তত উপনীত হ’ব পৰা যাব ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 2 =

Back to top button