AssamCity newsnationalpoliticalঅৰুণাচল প্ৰদেশঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত অৰুণাচলৰ বিজেপিৰ প্ৰাৰ্থী, নিৰ্বাচনৰ পূৰ্বেই অৰুণাচল প্ৰদেশত জয়লাভ ১০গৰাকী প্ৰাৰ্থীৰ

অৰুণাচল প্ৰদেশ বিধানসভা নিৰ্বাচনৰ মনোনয়নৰ পিছত অৰ্থাত অন্তিম দিনটোত এগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰাৰ পিছত ৰাজ্যখনত বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত বিজেপি প্ৰাৰ্থীৰ সংখ্যা ১০ জন । ৩০ মাৰ্চ, ২০২৪ শনিবাৰ আছিল অৰুণাচল প্ৰদেশ বিধানসভা নিৰ্বাচনৰ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন । সেই দিনটোতে বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হল বিজেপিৰ ১০ প্ৰাৰ্থী।

অন্তিমটো দিনত বায়ামছো ক্ৰীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰাৰ ফলত সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থী তথা ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী চৌনা মেইন বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে। বায়ামছো ক্ৰীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰাত ৰাজ্যখনত বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হোৱা বিজেপিৰ প্ৰাৰ্থীৰ সংখ্যা ১০ জন। এইসকলৰ ভিতৰত আছে মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডু, মুটশ্বু মিথি, হেগে আপাৰ দৰে শক্তিশালী প্ৰাৰ্থী।

টাৱাং জিলাৰ মুক্ত’ বিধানসভা সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰিছে পেমা খাণ্ডুয়ে।
মুখ্যমন্ত্রী পেমা খাণ্ডু, মুক্তো সমষ্টি
মুটচু মিথি,ৰয়িং সমষ্টি
জিক্কে টাকো,টালি সমষ্টি
নাইট’ দুকোম, টালিহা সমষ্টি
ৰাটু টেচি,ছাগালী সমষ্টি আদি সমষ্টিৰ পৰা বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হ’ল। উল্লেখ্য যে ১৯ এপ্ৰিলত অনুষ্ঠিত হ’ব অৰুণাচল প্ৰদেশৰ নিৰ্বাচন।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × four =

Back to top button