অৰুণাচল প্ৰদেশ

খেলি থাকোতেই অঘটন, অৰুণাচলত গ্ৰেণেড বিস্ফোৰণ হৈ আহত তিনিটা শিশু…

শিশুকেইটাই গ্ৰেণেডটো দেখি খেলি থাকোতেই দুৰ্ভাগ্যবশতঃ বিস্ফোৰিত হয় এই গ্ৰেণেডটো।

এক চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে অৰুণাচল প্ৰদেশ। শনিবাৰে অৰুণাচলৰ টিৰাপত গ্ৰেণেড বিস্ফোৰণ হৈ আহত তিনি শিশু। এটা নুফুটা গ্ৰেণেড হাতত লৈ খেলি থকাৰ সময়তে বিস্ফোৰিত হয় গ্ৰেণেডটো।

শনিবাৰে দুপৰীয়া ১২ বজাত সংঘটিত হয় এই ঘটনা। আহত শিশুকেইটাৰ বয়স ক্ৰমে দহ, দুই আৰু তিনি বছৰ। তিৰাপৰ চিনহান গাঁৱত এটা পলিথিন বেগত মেৰিওৱা অৱস্থাত উদ্ধাৰ হয় অব্যৱহৃত গ্ৰেণেডটো। শিশুকেইটাই গ্ৰেণেডটো দেখি খেলি থাকোতেই দুৰ্ভাগ্যবশতঃ বিস্ফোৰিত হয় এই গ্ৰেণেডটো।

বৰ্তমান ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে দহবছৰীয়া শিশুজন।বিস্ফোৰণৰ ফলত মুখত গুৰুতৰভাৱে আঘাত পাইছে দহবছৰীয়া শিশুটিয়ে। অৱশ্যে আনকেইটা শিশুৱে বেছিকৈ আঘাত পোৱা নাই যদিও খোনচা জিলা হাস্পতালত চিকিৎসাধীন হৈ আছে।

উল্লেখ্য যে, NSCN(IM) আৰু আছাম ৰাইফলছৰ মাজত হোৱা সংঘৰ্ষৰ সময়তে পৰি গ্ৰেণেডটো পৰি যোৱাৰ সন্দেহ কৰা হৈছে। গ্ৰেণেডটো লৈ খেলি আছিল কেইটিমান শিশুৱে। দুৰ্ভাগ্যবশতঃ শিশুকেইটিয়ে খেলি থাকোঁতেই বিস্ফোৰিত হয় গ্ৰেণেডটো।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × two =

Back to top button