অৰুণাচল প্ৰদেশ

দুদিনীয়া ভ্ৰমণসূচীৰে অৰুণাচললৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী…

টিৰাপ জিলাৰ স্বৰ্ণজয়ন্তীত অংশ ল'ব গৃহমন্ত্ৰীয়ে। পৰশুৰাম কুণ্ডও ভ্ৰমণ কৰিব অমিত শ্বাহে। ২২ মে’ত স্থাপন কৰিব ১০০০ কোটিৰ আঁচনিৰ আধাৰশিলা। ITBP আৰু আছাম ৰাইফলছৰ যৌথ সভাতো অংশ ল’ব অমিত শ্বাহে। আজিৰ পৰা আৰম্ভ হোৱা দুদিনীয়া অৰুণাচল প্ৰদেশ ভ্ৰমণত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব। লোহিত জিলাৰ ৱাক্ৰ’ত ৫১ ফুট দৈৰ্ঘ্যৰ ঋষি পৰশুৰামৰ প্ৰতিমূৰ্তিৰ ভেটি স্থাপন কৰিব, ইয়াৰ উপৰিও প্ৰায় ৪০টা প্ৰকল্প আৰম্ভ কৰিব।

দুদিনীয়া কাৰ্যসূচীৰে উত্তৰ-পূবলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ। আজি অৰুণাচললৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী।

 

শনিবাৰে টিৰাপ জিলাৰ দেওমালীৰ নৰোটম নগৰত ৰামকৃষ্ণ মিছন স্কুলৰ সোণালী জয়ন্তী উদযাপনত ভাগ লৈ পৰৱৰ্তী সময়ত তেওঁ নামচাইলৈ গৈ পৰশুৰামৰ প্ৰতিমূৰ্তিৰ ভেটি স্থাপন কৰিব। দেওবাৰে, গৃহমন্ত্ৰীগৰাকীয়ে সামাজিক সংগঠনক সাক্ষাৎ কৰাৰ লগতে নামসাই জিলাৰ টেঙাপানীৰ সমীপৰ গোল্ডেন পেগোডাতো পূজা আগবঢ়াব।

 

গৃহমন্ত্ৰীয়ে নামসাইত সেনা, আই টি বি পি, এছ এছ বি, আছাম ৰাইফলছ, বি আৰ অ’ আৰু নেশ্যনেল হাইৱে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰ্প’ৰেশ্যন লিমিটেড (এন এইচ আই ডি চি এল)ৰ জোৱানসকলৰ সৈতেও নিৰাপত্তা আৰু উন্নয়ন পৰ্যালোচনা বৈঠকৰ অধ্যক্ষতা কৰি দিল্লীলৈ যোৱাৰ পূৰ্বে তেওঁলোকৰ সৈতে এক ভোজতো অংশ ল’ব।

 

উল্লেখ্য যে, কেন্দ্ৰীয় গৃহমন্ত্ৰী হিচাপে উত্তৰ-পূবৰ ৰাজ্যখনলৈ এয়া হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ দ্বিতীয়টো ভ্ৰমণ। শেষবাৰৰ বাবে ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত অৰুণাচল প্ৰদেশ ভ্ৰমণ কৰিছিল অমিত শ্বাহে। গৃহমন্ত্ৰীগৰাকীৰ অৰুণাচল প্ৰদেশ ভ্ৰমণ মেগা ক্ৰছ কান্টি ভ্ৰমণৰ অংশ, য’ত তেওঁ কেইবাটাও ৰাজহুৱা, ৰাজনৈতিক আৰু আনুষ্ঠানিক অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। এই ভ্ৰমণৰ অংশ হিচাপে ইতিমধ্যে গৃহমন্ত্ৰীগৰাকীয়ে অসম, তেলেংগানা, কেৰেলা আৰু উত্তৰাখণ্ড ভ্ৰমণ কৰিছে আৰু পৰৱৰ্তী সময়ত অহা ২৭ আৰু ২৮ মে’ত মহাৰাষ্ট্ৰ আৰু গুজৰাট ভ্ৰমণ কৰিব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

9 + 2 =

Back to top button