অভিনয়জীৱনশৈলীভাৰতমনোৰঞ্জন

মঙ্গলসূত্ৰৰ বিজ্ঞাপন কৰি বিতৰ্কত সব্যসাচী! সামাজিক মাধ্যমত প্ৰশ্ন- এইয়া অন্তৰ্বাস নে মঙ্গলসূত্ৰৰ বিজ্ঞাপন?

ভাৰতৰ প্ৰসিদ্ধ ডিজাইনাৰ সব্যসাচী মুখাৰ্জীয়ে শেহতীয়াকৈ 'অন্তৰংগ সূক্ষ্ম গহনা' শীৰ্ষক এটা বিজ্ঞাপন কৰে

ভাৰতৰ প্ৰসিদ্ধ ডিজাইনাৰ সব্যসাচী মুখাৰ্জীয়ে শেহতীয়াকৈ ‘অন্তৰংগ সূক্ষ্ম গহনা’ শীৰ্ষক এটা বিজ্ঞাপন কৰে।

সব্যসাচীৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউন্টত ব্ৰেণ্ডটোৰ নতুনকৈ মুকলি কৰা মঙ্গলসূত্ৰবোৰ প্ৰদৰ্শন কৰা মডেলক দেখুওৱা কেইবাখনো ছবি মুকলি কৰা হৈছিল।

বিজ্ঞাপনটোত বিষমকামী আৰু সমকামী দম্পতীয়ে ৰয়েল বেংগল মঙ্গলসূত্ৰ পিন্ধি ফটো তুলিছে, বিজ্ঞাপনটোত পিন্ধি থকা মঙ্গলসূত্ৰ আছিল ডিজাইনাৰৰ ‘অন্তৰংগ সূক্ষ্ম গহনা’ সংগ্ৰহৰ এটা অংশ। ফটোত মঙ্গলসূত্ৰ পিন্ধি অন্তৰ্বাস পোছাকত দেখুওৱা হৈছে মডেলক।

কিন্তু সামাজিক মাধ্যমত একাংষই এই বিজ্ঞাপনটো ইতিবাচক ধৰণে লৱ পৰা নাই। বহুতে ডিজাইনাৰ সব্যসাচীক এই বিজ্ঞাপনটোক ‘অশ্লীল’ বুলি অভিহিত কৰি ট্ৰ’ল কৰিছে। কেইবাজনেও দাবী কৰিছে যে, বিজ্ঞাপনটোৱে হিন্দু সংস্কৃতিৰ ওপৰত আক্ৰমণ আৰু ধৰ্মীয় অনুভূতিক আঘাত কৰিছে।

এজনে ইনষ্টাগ্ৰামত মন্তব্য কৰিছে, “আপুনি প্ৰকৃততে কি বিজ্ঞাপন দি আছে? এতিয়া কোনেও এই গহনা পিন্ধিব নোৱাৰিব। আপুনি পৃথিৱীখনক দেখুৱাইছে যে যদি মই সেই গহনা পিন্ধো তেন্তে মই সস্তীয়া হ’ব লাগিব! অনুগ্ৰহ কৰি আপোনাৰ বিজ্ঞাপনত নজৰ দিয়ক,”

আন এজনে লিখিছে,”মোৰ দিনটো নষ্ট হৈ গৈছে। গহনা হৈছে এক সুন্দৰ কলা। ভালধৰণে বিজ্ঞাপন দিব পাৰিলেহেঁতেন,”

আন এজনৰ মন্তব্য, “সঁচাকৈয়ে সব্যসাচী? আজিকালি আপোনাৰ কি সমস্যা হৈছে, কোনে এনেদৰে মঙ্গলসূত্ৰ বিক্ৰী কৰে। যদি আপোনাৰ সাহস আছে তেন্তে বুৰ্খা, তাবিজ এই ধৰণে বিক্ৰী কৰক?”

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 5 =

Back to top button