অসমঅসম আৰক্ষীগুৱাহাটী

‘অপাৰেশ্যন ছাৰখাৰে’ ল’লে প্ৰাণ! আৰক্ষীয়ে বিহা জৰিমনা দিব নোৱাৰি যুৱকৰ আত্মহত্যা…

জৰিমনা নিদিলে ঘৰৰ পৰা গ্ৰেপ্তাৰৰ ভাবুকি দিছিল আৰক্ষীয়ে

মহানগৰীত পৰিবহন বিভাগৰ ‘অপাৰেশ্যন ছাৰখাৰ’ অভিযানেই কাল হ’ল এজনৰ বাবে। গুৱাহাটীত ‘অপাৰেশ্যন ছাৰখাৰে’ প্ৰাণ ল’লে যুৱকৰ। আৰক্ষীয়ে যধে-মধে জৰিমনা বিহাৰ ভয়াৱহ পৰিণতি।

‘অপাৰেশ্যন ছাৰখাৰ’ অভিযানৰ অধীনত আৰক্ষীয়ে দাবী কৰা জৰিমনা দিব নোৱাৰি আত্মহত্যা কৰিলে এজন যুৱকে।আত্মহত্যা কৰা যুৱকজন ধীৰেনপাৰাৰ নুৰ আলী ওৰফে মৃদুল আলী। মঙলবাৰে, ভৰলুমুখ আৰক্ষীয়ে এহাজাৰ টকাৰ জৰিমনা বিহিছিল নুৰ আলীক।

'অপাৰেশ্যন ছাৰখাৰে' ল’লে প্ৰাণ! আৰক্ষীয়ে বিহা জৰিমনা দিব নোৱাৰি যুৱকৰ আত্মহত্যা...

আৰক্ষীয়ে বিহা জৰিমনা দিবলৈ যুৱকজনৰ হাতত নাছিল পৰ্যাপ্ত পৰিমাণে ধন। সেয়েহে লগত থকা ৫০০ টকা আৰক্ষীক দিছিল মৃত নুৰ আলীয়ে। কিন্তু জৰিমনা নিদিলে নুৰ আলীক ঘৰৰ পৰাই গ্ৰেপ্তাৰৰ ভাবুকি দিছিল আঁকোৰগোঁজ আৰক্ষীয়ে।

উপায়ন্তৰ হৈ চৰম সিদ্ধান্ত ল’লে যুৱকজনে। ঘৰত চীপজৰী লগাই আত্মহত্যা নুৰ আলীৰ। সংকটজনক অৱস্থাত GMCHত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে নুৰ আলীক। কিন্তু এতিয়া প্ৰশ্ন হয়, অসম আৰক্ষীৰ একাংশই আচলতে জনসাধাৰণক সুৰক্ষাৰ ক্ষেত্ৰত বেছি মনোযোগ দিছে নে জনসাধাৰণৰ পৰা জৰিমনাৰ নামত টকা লোৱাতহে অধিক গুৰুত্ব প্ৰদান কৰিছে। যি কি নহওঁক কিয়, আৰক্ষীয়ে জনসাধাৰণৰ পৰা যধে-মধে জৰিমনা লোৱাটো যে বন্ধ কৰিব লাগিব সেয়া নিশ্চিত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × 4 =

Back to top button