অসমধৰ্মীয়

দুবছৰৰ অন্তত অম্বুবাচী মেলালৈ সাজু শক্তিপীঠ কামাখ্যা…

অম্বুবাচীত যাতে ভক্তৰ মাজত ক'ৰোণা সংক্ৰমণ নহয়, তাৰবাবেও চৰকাৰ তথা জিলা প্ৰশাসনক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰো আহ্বান জনাইছে মন্দিৰ কৰ্তৃপক্ষই।

সম্পূৰ্ণ দুটা বছৰৰ অন্তত ভক্তৰ আগমনেৰে গিজগিজাই উঠিব নীলাচল পাহাৰ। মন্ত্ৰোচ্চাৰণে মুখৰিত হ’ব শক্তিপীঠ কামাখ্যা।

 

অহা ২২ জুনৰ পৰা ২৬ জুনলৈ কামাখ্যাত অনুষ্ঠিত হ’ব মহা অম্বুবাচী মেলা। ২২ জুনৰ সন্ধিয়া ৮ বাজি ১৮ মিনিটৰ প্ৰবৃত্তিৰ পাছতেই ২৫ জুনলৈকে বন্ধ থাকিব কামাখ্যা মন্দিৰৰ দুৱাৰ। ২৬ জুনৰ পুৱাহে ভক্তৰ বাবে খোল খাব মন্দিৰৰ দুৱাৰ।

 

উল্লেখ্য যে, ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে বিগত দুটা বছৰত অনুষ্ঠিত হোৱা নাছিল মহা অম্বুবাচী মেলা। শেহতীয়াকৈ ক’ৰোণাৰ প্ৰকোপ কিছু কম হোৱাৰ বাবে কামাখ্যা মন্দিৰ কৰ্তৃপক্ষই মেলা আয়োজনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। দুবছৰৰ অন্তত হ’বলগীয়া মেলাৰ বাবে চলোৱা হৈছে ব্যাপক প্ৰস্তুতি।

 

অম্বুবাচীত যাতে ভক্তৰ মাজত ক’ৰোণা সংক্ৰমণ নহয়, তাৰবাবেও চৰকাৰ তথা জিলা প্ৰশাসনক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰো আহ্বান জনাইছে মন্দিৰ কৰ্তৃপক্ষই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen − twelve =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.