খেলভাৰত

খেলপথাৰত আৰু দেখিবলৈ পোৱা নাযাব ভাৰতীয় টেনিছ তাৰকা ছানিয়া মিৰ্জাৰ যাদু

টেনিছৰ পৰা অৱসৰ ছানিয়া মিৰ্জাৰ

অহা ফ্ৰেবুৱাৰী মাহত WTA 1000 ইভেণ্ট ডুবাই টেনিছ চেম্পিয়নশ্বিপত অৱসৰ ল’ব ভাৰতীয় টেনিছ তাৰকা ছানিয়া মিৰ্জাই। ২০২৩ চনৰ ১৯ ফেব্ৰুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া ডব্লিউ টি এ ১০০০ ইভেণ্ট ডুবাই টেনিছ চেম্পিয়নশ্বিপত টেনিছৰ পৰা অৱসৰ লোৱাৰ কথা নিশ্চিত কৰিছে ছানিয়া মিৰ্জাই। টেনিছ তাৰকাগৰাকীয়ে লগতে শ্বেয়াৰ কৰে যে অৱসৰৰ পিছত তেওঁ ডুবাই আৰু নিজৰ গৃহ চহৰ হায়দৰাবাদৰ একাডেমীৰ সৈতে কাম কৰাৰ পৰিকল্পনা কৰিছে। ২০২২ চনৰ ছিজন সম্পূৰ্ণ কৰাৰ পিছত মিৰ্জাই প্ৰথম অৱশৰ লোৱাৰ পৰিকল্পনা কৰিছিল যদিও বছৰৰ দ্বিতীয়াৰ্ধত আঘাতৰ সমস্যাৰ বাবে তেওঁক আঁতৰাই ৰখাৰ পিছত তেওঁ এই সিদ্ধান্তত বিলম্ব কৰাৰ সিদ্ধান্ত লয়। যোৱা বছৰ কঁকালৰ আঘাতৰ বাবে ইউ এছ অ’পেনত অংশ ল’ব নোৱাৰাৰ পিছত এই মাহত কাজাখস্তানৰ আন্না ডানিলিনাৰ সৈতে অষ্ট্ৰেলিয়ান অ’পেনত মহিলা ডাবলছত খেলিব ছানিয়াই। wtatennis.comক ছানিয়াই জনোৱা অনুসৰি, “সঁচা কথা ক’বলৈ গ’লে মই যিজন ব্যক্তি, মই নিজৰ চৰ্তত কামবোৰ কৰি ভাল পাওঁ। গতিকে আঘাতৰ বাবে জোৰকৈ বাহিৰ হ’ব নিবিচাৰো৷ গতিকে মই প্ৰশিক্ষণ লৈছো।’

 

ছয়টা গ্ৰেণ্ড শ্লেম জয় কৰি বিশ্বৰ ১ নং ডাবলছ খেলুৱৈ হোৱাৰ পূৰ্বে ছানিয়া ৰ একক কেৰিয়াৰো আছিল উল্লেখযোগ্য, তেওঁ কেৰিয়াৰৰ সৰ্বোচ্চ ৰেংকিঙত বিশ্ব নং ২৭ লাভ কৰিছিল। লগতে ২০০৫ চনৰ ইউ এছ অ’পেনৰ চতুৰ্থ ৰাউণ্ডত স্থান লাভ কৰিছিল। ৩৬ বছৰ বয়সত কেইবাটাও গুৰুতৰ আঘাতৰ সমস্যাৰ সন্মুখীন হোৱাৰ পিছত মিৰ্জাৰ অগ্ৰাধিকাৰ সলনি হৈছে। “সঁচাকৈয়ে মোৰ মনত এতিয়া আৰু ইমান আৱেগিকভাৱে ঠেলি দিয়াৰ ক্ষমতা নাই। ২০০৩ চনত মই প্ৰ’লৈ পৰিণত হৈছিলো।’- ডব্লিউ টি এৰ উদ্ধৃতিৰে এইদৰে কয় ছানীয়ে। “অগ্ৰাধিকাৰ সলনি হয়, আৰু এতিয়া মোৰ অগ্ৰাধিকাৰ হৈছে প্ৰতিটো দিনেই মোৰ শৰীৰক সীমালৈ ঠেলি দিয়া নহয়।”

 

 

অৱসৰৰ পিছত মিৰ্জাই হায়দৰাবাদত আৰম্ভ কৰা একাডেমীৰ উপৰিও নিজৰ গৃহ চহৰ ডুবাইত থকা একাডেমীসমূহৰ ওপৰতো গুৰুত্ব দিয়াৰ পৰিকল্পনা কৰিছে। এক সাক্ষাৎকাৰত ছানিয়াই কয়, ‘মই ডব্লিউ টি এ ফাইনেলৰ ঠিক পিছতেই ৰৈ যাম, কাৰণ আমি ডব্লিউ টি এ ফাইনেলত প্ৰৱেশ কৰিবলৈ ওলাইছিলো, কিন্তু ইউ এছ অ’পেনৰ ঠিক আগতেই মোৰ কঁকালৰ টেণ্ডন ফাটি গৈছিল গতিকে মই সকলো বস্তুৰ পৰা ওলাই আহিবলগীয়া হৈছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty + eleven =

Back to top button