SocialSocial Networkঅসমআঞ্চলিকজীৱনশৈলীদৈনিক বাতৰিভাৰত

আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱসঃ প্ৰতিটো সংবাদ মাধ্যমৰ লগত জড়িত প্ৰতিগৰাকী সংবাদসেৱীক প্ৰেছ দিৱসৰ শুভেচ্ছা..

এইবাৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ মুল বাণী - WHO IS NOT AFRAID OF MEDIA?

আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। প্ৰতিটো সংবাদ মাধ্যমৰ লগত জড়িত প্ৰতিগৰাকী সংবাদসেৱীক প্ৰেছ দিৱসৰ শুভেচ্ছা জনালোঁ।

 

১৬ নৱেম্বৰৰ দিনটো দেশত প্ৰতি বছৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস হিচাপে পালন কৰা হয়। ১৯৬৬ চনৰ ৪ জুলাইত গঠন হোৱা ‘প্ৰেছ কাউন্সিল অব ইণ্ডিয়া’ই উক্ত বছৰতে ১৬ নৱেম্বৰৰ পৰা উচ্চতম ন্যায়ালয়ৰ তদানীন্তন ন্যায়াধীশ জে এল মুধলকাৰৰ অধ্যক্ষতাত আনুষ্ঠানিকভাৱে কাউন্সিলৰ কাম-কাজ আৰম্ভ কৰে। তেতিয়াৰে পৰা উক্ত দিনটো সমগ্ৰ দেশতে প্ৰেছ দিৱস হিচাপে পালন কৰি অহা হৈছে।

 

গণতান্ত্ৰিক দেশ এখনত সংবাদ মাধ্যমৰ ভূমিকাৰ কথা দোহৰাৰ প্ৰয়োজন নিশ্চয় নাই। হাজাৰ প্ৰত্যাহ্বান আৰু উত্থান-পতনৰ বৈচিত্ৰ্যৰ সমাহাৰেৰে আগবঢ়া ভাৰতীয় সাংবাদিকতাৰ যাত্ৰা অতীজতো সুগম নাছিল আৰু আজিও নহয়। তথাপি সকলো বাধা-বিঘিনি নেওচি আৰু প্ৰতিকূল পৰিস্থিতিত বিচক্ষণতাৰে চম্ভালি ভাৰতীয় সাংবাদিকতাই আজিৰ এই অৱস্থাত উপনীত হৈছে।

 

 গণতন্ত্ৰৰ চাৰিটা স্তম্ভ- বিধান মণ্ডল, কাৰ্যপালিকা, ন্যায়পালিকা আৰু সংবাদ মাধ্যম। এই চাৰি স্তম্ভৰ সন্মিলিত কাৰ্যাৱলীয়েই হৈছে গণতান্ত্ৰিক প্ৰক্ৰিয়া। আটাই কেইটা স্তম্ভৰ সু-পৰিচালনাতেই গণতন্ত্ৰৰ ভেটি মজবুত হৈ থাকে। সংবাদ মাধ্যম হ’ল গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ। গণতন্ত্ৰৰ অতন্দ্ৰ প্ৰহৰী বাবেই সংবাদ মাধ্যমক ইয়াৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয়। শাসন যন্ত্ৰ আৰু জনসাধাৰণৰ মাজত সেতু বন্ধি এটা সুন্দৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে এখন দেশ পৰিচালনাত সংবাদ মাধ্যমে যুগ যুগ ধৰি অনবদ্য অৱদান আগবঢ়াই আহিছে।

 

এইবাৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ মুল বাণী হ’ল WHO IS NOT AFRAID OF MEDIA? অৰ্থাত, সংবাদ মাধ্যমক ভয় নকৰে কোনে? ইয়াৰ পৰাই সংবাদ মাধ্যমৰ গুৰুত্ব সম্পৰ্কে উপলব্ধি কৰিব পাৰি।

 

অৱশ্যে জনগণৰ হকে সেৱা আগবঢ়াবলৈ গৈ বহুসময়ত নিজৰ প্ৰাণ বিসৰ্জন দিবলগীয়াও হয় বহু সাংবাদিকে। আৰু হেৰুৱাবলগা হোৱাটো কেৱল সংবাদ মাধ্যমৰ লগত জড়িত লোকৰ বাবেই নহয়, বৰঞ্চ সমগ্ৰ গণতান্ত্ৰিক ব্যৱস্থাটোৰ বাবেই ভাবুকি স্বৰূপ।

বৰ্তমান সময়ত অৱশ্যে সংবাদ মাধ্যমৰ ওপৰত কিছু কিছু বিষয়ত প্ৰশ্ন চিহ্নও উঠা পৰিলক্ষিত হৈছে, যিটো গণতান্ত্ৰিক দেশ এখনৰ বাবে মুঠেও সন্তোষজনক কথা নহয়।

 

যি কি নহওক, আজিৰ এই শুভক্ষণত সংবাদ সেৱাৰ জৰিয়তে সমাজৰ বাবে কাম কৰি যোৱা সকলো সাংবাদিকসকললৈ শ্ৰদ্ধা নিবেদিছোঁ।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen − twelve =

Back to top button