অসমধৰ্মীয়

আজিৰে পৰা শক্তিপীঠ কামাখ্যাত আৰম্ভ অম্বুবাচী, অসমীয়া সমাজৰ ‘ষাঁঠ লগা’ অথবা অম্বুবাচীৰ তাৎপৰ্য কি?

'অম্বুবাচী', অসমীয়া সমাজত এই অম্বুবাচীৰ এক বিশেষ তাৎপৰ্য আছে। কিয়নো, এইকেইটা দিনত অসমীয়া সমাজত 'ষাঁঠ লগা' বুলি ধৰা হয়। অৰ্থাৎ বসুমতী ৰজ:স্বলা হয় বুলি অসমীয়া সমাজত এক জন বিশ্বাস পূৰ্বৰ পৰাই প্ৰচলিত হৈ আছে।

হিন্দু ধৰ্মৰ এক গুৰুত্বপূৰ্ণ বাৰ্ষিক উৎসৱ হৈছে অম্বুবাচী। শক্তিপীঠ কামাখ্যাত আজিৰে পৰা আৰম্ভ হ’ব পৱিত্ৰ অম্বুবাচী অথবা ‘অমাৱতী’। ৰাজ্যত ক’ভিড পৰিস্থিতি কিছু হ্ৰাস হোৱাৰ বাবে এইবাৰ নীলাচললৈ আগমন ঘটিছে দেশৰ ভিন্ন প্ৰান্তৰ সাধু-সন্ন্যাসীৰ। আজিৰে পৰা শক্তিপীঠ কামাখ্যাত উলহ-মালহেৰে পালন কৰা হ’ব অম্বুবাচী।

 

শক্তিপীঠত শক্তি পাবৰ বাবে পূজা কৰা হয়। দেশৰ ৫২ খন পীঠৰ ভিতৰত কামাখ্যা পীঠ হৈছে আটাইতকৈ শক্তিশালী পীঠ। য’ত মনৰ সিদ্ধিৰ কাৰণে পূজা কৰিলে ভক্তসকল সফল হয় বুলি এক জন বিশ্বাস আছে।

 

বুধবাৰে সন্ধিয়া ৮.১৮ বজাৰ পৰা আৰম্ভ হ’ব অম্বুবাচীৰ প্ৰবৃত্তি। ২৬ জুনৰ পুৱা ৮.৪১ বজাত হ’ব অম্বুবাচীৰ নিবৃত্তি। ৩ দিনৰ বাবে বন্ধ থাকিব কামাখ্যাৰ মূল দুৱাৰ। ২৬ জুনত ভক্তৰ বাবে খোল খাব মন্দিৰৰ দুৱাৰ। নীলাচলত কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা। ভক্তৰ সুবিধাৰ্থে নীলাচলৰ বুকুত স্থাপন কৰা হৈছে ৮০০ CCTV। সাজু হৈছে দেৱালয়ৰ স্থায়ী নিৰাপত্তাৰক্ষী। নিৰাপত্তাৰ লগতে ২৬ জুনলৈ ভক্তক যোগান ধৰা হ’ব বিনামূলীয়া খাদ্য।

 

‘অম্বুবাচী’, অসমীয়া সমাজত এই অম্বুবাচীৰ এক বিশেষ তাৎপৰ্য আছে। কিয়নো, এইকেইটা দিনত অসমীয়া সমাজত ‘ষাঁঠ লগা’ বুলি ধৰা হয়। অৰ্থাৎ বসুমতী ৰজ:স্বলা হয় বুলি অসমীয়া সমাজত এক জন বিশ্বাস পূৰ্বৰ পৰাই প্ৰচলিত হৈ আছে।

 

পূৰ্বৰে পৰা চলি অহা পৰম্পৰা অনুসৰি অম্বুবাচীৰ সময়ত তিনিদিনৰ বাবে কোনো শুভ বা মাংগলিক কাম কৰা নহয়।  চতুৰ্থ দিনৰ পৰা শুভ কাম কামত কোনো বাধা নাই। অম্বুবাচীৰ সময়ত, হাল বোৱা, নতুন ঘৰত প্ৰৱেশ, বিবাহ আদিৰ দৰে ভাল কাম কৰাটো নিষিদ্ধ। এই সময়ত মঠ-মন্দিৰৰ প্ৰৱেশ দ্বাৰো বন্ধ কৰি দিয়া হয়। অম্বুবাচী বহুতো ৰীতি-নীতিৰ সৈতে জড়িত। এই তিনিদিন বিশেষকৈ সন্ন্যাসী আৰু বিধৱাসকলে উদযাপন কৰে। এই দিনবোৰৰ বাবে যিকোনো শুভ কাম কৰাটো উচিত নহয়।

 

অম্বুবাচীৰ সময়ত বিধৱা মহিলাসকলেও কোনো ৰন্ধা-বঢ়া কৰা আহাৰ খাব নালাগে। যিসকল ল’ৰা-ছোৱালীয়ে পিতৃ অথবা মাতৃক হেৰুৱাইছে সেইসকলেও অম্বুবাচী অথবা ‘ষাঁঠ লগা’ৰ সময়ত ব্ৰত পালন কৰি মা কামাখ্যাৰ ওচৰত পিতৃ অথবা মাতৃৰ আত্মাৰ সদগতিৰ কাৰণে প্ৰাৰ্থনা কৰিব লাগে বুলি এক লোক বিশ্বাস আছে।

 

লোক বিশ্বাস মতে, অম্বুবাচী অথবা ‘ষাঁঠ লগা’ৰ সময়ত ব্ৰত ৰখাসকলে –

১)ৰন্ধা-বঢ়া কৰিব নালাগে। ৰন্ধা আহাৰ খাব নালাগে। লগতে যিকোনো ধৰণৰ গৰম আহাৰ খোৱা উচিত নহয়।

২)অম্বুবাচীৰ পূৰ্বে ৰন্ধা আহাৰেই তিনি দিন কম কম পৰিমাণে খাব লাগে।

৩)এইসময়ত ফল-মূল খাব লাগে।

৪)অম্বুবাচীৰ সময়ত পূজা-অৰ্চনা কৰাৰ পৰা বিৰত থাকিব লাগে।

ইয়াৰোপৰি ‘ষাঁঠ লগা’ৰ সময়ত অসমীয়া লোকসকলে বহুকেইটা কাম কৰাৰ পৰা বিৰত থাকে-

১)বসুমতী পুষ্পিতা হোৱাৰ বাবে এই সময়ত মাটি খান্দিব নালাগে।

২)গছৰ পাত, ফল-মূল চিঙি খাব নালাগে।

৩)হাল বোৱা, কৃষি কাৰ্যৰ পৰা বিৰত থাকিব লাগে।

৪)গৃহ প্ৰৱেশ, বিবাহ আদিৰ দৰে মাংগলিক কামৰ পৰা বিৰত থাকিব লাগে।

৫)ব্ৰহ্মচাৰী আৰু বিধৱাসকলে ৰন্ধা আহাৰ গ্ৰহণ নকৰে। সেই কেইদিন কেৱল ফল-মূল আৰু গাখীৰহে গ্ৰহণ কৰে ।

৬)শিপিনীসকলে তাঁতশালত নবহে।

৭)’হাত লগা’ শেষ হোৱাৰ পাছত ঘৰৰ বাঢ়নী পেলাই দিব লাগে।

 

অসমীয়া লোকসকলে এই অম্বুবাচী অথবা ‘ষাঁঠ লগা’ ভগাৰ পাছত কেঁচা গাখীৰত সোণ-ৰূপৰ জোবোকা মাৰি দুবৰি বনেৰেৰে ঘৰত ছটিয়াই শুদ্ধি কৰে। ষাঁঠ লগা শেষ হোৱাৰ পাছত ঘৰ-চোতালতো গোবৰ পানী ছটিয়াই শুদ্ধি কৰা হয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eight + nine =

Back to top button