অসম

গাড়ী চালকৰ মুখত জুবিনৰ হিট গীত ‘প্ৰতিদিনে তুমি দিয়া আহি এপাহি ফুল’, গীত শুনি আপ্লুত মুখ্যমন্ত্ৰী

চালকজনে গোৱা গান থৰ লাগি শুনিছে মুখ্যমন্ত্ৰীয়ে। চালকজনেও দ্বিধাহীনভাৱে মুখ্যমন্ত্ৰীক শুনাইছে জুবিনৰ জনপ্ৰিয় গীত 'প্ৰতিদিনে তুমি দিয়া আহি এপাহি ফুল...'।

চৌদিশে বান আৰু বান। বান পৰিস্থিতিৰ বুজ ল’বলৈ মধ্য অসমলৈ ৰাওনা হ’ল মুখ্যমন্ত্ৰী। নাৱত উঠি কামপুৰৰ বিভিন্ন বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে নাৱত উঠি বানাক্ৰান্তৰ খবৰ লোৱা ভিডিঅ’ সকলোৱে দেখিলে। কিন্তু তাৰেই মাজতে এক বিশেষ দৃশ্যই দৃষ্টি কাঢ়িছে সকলোৰে। এজন চালকৰ গীত শুনি আপ্লুত হৈছে মুখ্যমন্ত্ৰী।

 

চালকজনে গোৱা গান থৰ লাগি শুনিছে মুখ্যমন্ত্ৰীয়ে। চালকজনেও দ্বিধাহীনভাৱে মুখ্যমন্ত্ৰীক শুনাইছে জুবিনৰ জনপ্ৰিয় গীত ‘প্ৰতিদিনে তুমি দিয়া আহি এপাহি ফুল…’।

 

কাষৰ ছীটত বহি চালকজনলৈ বিমুগ্ধ হৈ চাই ৰৈছে মুখ্যমন্ত্ৰীয়ে। চালকজনৰ গীত শেষ হোৱাৰ পাছতই হঠাতে মুখ্যমন্ত্ৰীয়ে সুধিলে, ‘তই বিহুত উঠনে নাই?’। চালকজনে এতিয়ালৈকে উঠা নাই বুলি কোৱাত চালকজনক আশ্বাস দি লগে লগে মুখ্যমন্ত্ৰীৰ প্ৰত্যুত্তৰ, ‘এইবাৰ মই তোক উঠাই দিম’। বান পৰিস্থিতি পৰিদৰ্শন কৰিবলৈ গৈ এইদৰে মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিয়াত নথৈ সুখী গাড়ী চালকজন।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.