leatest updateঅসমদৈনিক বাতৰি

সূৰ্য্যৰ প্ৰখৰ ৰ’দত চিৰাল ফাট ৰাজ্যৰ খেতিপথাৰত।

পানীৰ অভাৱত কঠিয়া পাৰিব পৰা নাই কৃষক ৰাইজে।

প্ৰখৰ ৰ’দ আৰু গৰমে দহিছে সমগ্ৰ ৰাজ্য। সূৰ্য্যৰ প্ৰখৰ ৰদত চিৰাল ফাট দিছে ৰাজ্যৰ খেতিপথাৰ। জামুগুৰিহাটতো একেই অৱস্থা। জামুগুৰিহাটৰ পথাৰত চিৰাল ফাট। পানীৰ অভাৱত কঠিয়া পাৰিব পৰা নাই কৃষক ৰাইজে। যি দুই এজন কৃষকে কঠিয়া পাৰিছিল সেই কঠিয়াও এতিয়া পানীৰ অভাৱত মৰহিবলৈ ধৰিছে। যাৰবাবে মৰূভূমিসদৃশ পথাৰত এতিয়া মূৰে কপালে হাত দিছে কৃষক ৰাইজে।

উল্লেখ্য যে, কৃষকৰ এই দুৰৱস্থাৰ সময়ত অঞ্চলটোত থকা সৰ্ববৃহৎ বৰদিকৰাই জলসিঞ্চন প্ৰকল্পও জামুগুৰিহাটৰ কৃষক ৰাইজক পথাৰত পানী যোগান ধৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

7 + 11 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.