SocialSocial Networkঅভিনয়জীৱনশৈলীবলিউডবোলছবিভাৰত

ৰিয়েল লাইফত সম্ভৱ নহ’লেও ৰীল লাইফত কেটৰিনাৰ সৈতে ৰোমাঞ্চ কৰিব ছলমান খানে!

ইতিমধ্যে Tiger 3ৰ ছুটিঙৰ বাবে সাজু হৈছে সদ্য বিবাহিত কেটৰিনা কাইফ। অতি সোনকালে ছুটিঙৰ বাবে দিল্লীলৈ উৰা মাৰিব কেটৰিনা কাইফ আৰু ছলমান খান।

বলীউডৰ মোহময়ী অভিনেত্ৰী কেটৰিনা কাইফ যোৱা ৯ ডিচেম্বৰত অভিনেতা বিকি কৌশলৰ সৈতে বিবাহ পাশত আবদ্ধ হয়। এসময়ত ছলমান আৰু কেটৰিনাৰ প্ৰেমৰ সম্পৰ্কৰ বাবে কেটৰিনাৰ বিয়াৰ চৰ্চাৰ লগতে চৰ্চিত হৈছিল অভিনেতা ছলমান খানৰো নাম। কিন্তু কেটৰিনাৰ বিয়াৰ পাছতো সকলোৱে দেখিবলে পাব ছলমান খান আৰু কেটৰিনা যুটি।
ছলমানৰ সৈতে কেটৰিনাক পুনৰ দেখা যাব টাইগাৰ-3ত। ইতিমধ্যে Tiger 3ৰ ছুটিঙৰ বাবে সাজু হৈছে সদ্য বিবাহিত কেটৰিনা কাইফ। অতি সোনকালে ছুটিঙৰ বাবে দিল্লীলৈ উৰা মাৰিব কেটৰিনা কাইফ আৰু ছলমান খান। দিল্লীত প্ৰায় ১৫ দিনৰ ছুটিং কৰিব কেটৰিনা আৰু ছলমানে। Yash Raj Filmsৰ বেনাৰ নিৰ্মিত ছবিখনৰ পৰিচালনা মনীষ শৰ্মাৰ।

চিনেমাখনৰ একচনক লৈ ইতিমধ্যে বলীউডত চৰ্চা আৰম্ভ হৈ গৈছে। ছবিখনত ছলমানৰ লগতে শ্বাহৰুখ খান, আৰু হৃত্বিক ৰোশনকো দেখা যাব। Tiger 3ক বলীউডৰ আটাইতকৈ ব্যয়বহুল একচন ছবি হিচাপে অভিহিত কৰা হৈছে। মুম্বাইৰ লগতে অষ্ট্ৰীয়া, ৰাছিয়া আৰু তুৰ্কীৰ বিভিন্ন লোকেচনত ছবিখনৰ ছুটিং হ’ব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

8 − 4 =

Check Also
Close
Back to top button