অসম

আয়তী অ’ উৰুলি দিয়া, ধুমধামেৰে হৈছে ৰজা-ৰাণীৰ বিয়া…

বন্ধু-বান্ধৱ, আত্মীয়-স্বজনক লগত লৈ দৰাই নিবলৈ আহিছে চুচেন দাসৰ জীয়ৰী ৰাণী দাসক। ৰজা-ৰাণী দুয়ো একেবাৰে পাভযোৰা। পেছাত দুয়োগৰাকী শিক্ষক। বৃহস্পতিবাৰে, একেখন গাঁৱৰে কইনাৰ ঘৰলৈ স্ফূৰ্তি-তামাচা কৰি গ'ল বৰযাত্ৰী। আধাৰাস্তাতে কইনাঘৰীয়াইও পৰম্পৰা অনুসৰি বাট আগচিলে দৰাক। দৰাঘৰীয়াইও পুৰণি ৰীতি-নীতিৰে গুৱা-পাণ আগবঢ়াই ল'লে আশীৰ্বাদ।

এখন ব্যতিক্ৰমী বিবাহ। বৰ্তমান সমাজৰ জাকজমকতাৰ পৰা আঁতৰি এখন অসমীয়া চহা জীৱনক প্ৰতিফলন কৰা বিশেষ বিবাহ। সকলোৰে মুখে-মুখে চৰ্চা লাভ কৰা এই বিয়াখনৰ বিশেষত্ব কি জানেনে?

 

আয়তী অ' উৰুলি দিয়া, ধুমধামেৰে হৈছে ৰজা-ৰাণীৰ বিয়া...

অসমীয়া সমাজৰ পুৰণি পৰম্পৰা ৰক্ষা কৰি এই বিয়াখনলৈ ঘোঁৰাৰ পিঠিত উঠি আহিছে দৰা। কইনা ঘৰলৈ আহি যথেষ্ট সুখী দৰা। গাঁৱৰ ৰাইজে ঢোলে-দগৰে নাচি-বাগি মতলীয়া হৈ আনন্দ-উল্লাসেৰে আদৰিছে দৰাক। বৰ্তমানৰ বিলাসিতাৰে ভৰা বিবাহ পৰম্পৰাৰ পৰা আঁতৰি সম্পন্ন কৰা এই বিবাহখনৰ স্থান-দেৰগাঁও। যুগ্ম জীৱনৰ প্ৰাৰম্ভিক বেলাত মাহ-হালধিৰ গোন্ধ লৈ নতুন জীৱন আৰম্ভ কৰাৰ বাবে ঘোঁৰা গাড়ীত অহা দৰাজন হৈছে দেৰগাঁৱৰ নেঘেৰিটিং কৈৱৰ্ত্ত গাঁৱৰ নৰেন দাসৰ পুত্ৰ ৰজা দাস।

আয়তী অ' উৰুলি দিয়া, ধুমধামেৰে হৈছে ৰজা-ৰাণীৰ বিয়া...

বন্ধু-বান্ধৱ, আত্মীয়-স্বজনক লগত লৈ দৰাই নিবলৈ আহিছে চুচেন দাসৰ জীয়ৰী ৰাণী দাসক। ৰজা-ৰাণী দুয়ো একেবাৰে পাভযোৰা। পেছাত দুয়োগৰাকী শিক্ষক। বৃহস্পতিবাৰে, একেখন গাঁৱৰে কইনাৰ ঘৰলৈ স্ফূৰ্তি-তামাচা কৰি গ’ল বৰযাত্ৰী। আধাৰাস্তাতে কইনাঘৰীয়াইও পৰম্পৰা অনুসৰি বাট আগচিলে দৰাক। দৰাঘৰীয়াইও পুৰণি ৰীতি-নীতিৰে গুৱা-পাণ আগবঢ়াই ল’লে আশীৰ্বাদ।

আয়তী অ' উৰুলি দিয়া, ধুমধামেৰে হৈছে ৰজা-ৰাণীৰ বিয়া...

 

অসমীয়া সমাজৰ পৰা ক্ৰমাৎ হেৰাই যাবলৈ ধৰা কৃষ্টি-সংস্কৃতিক পুনৰোদ্ধাৰৰ বাবে দৰা ৰজাৰ এয়া ক্ষুদ্ৰতম প্ৰয়াস। এই যান্ত্ৰিকতাৰ যুগত সাধাৰণতে ৰাইজে বিয়া বাৰুত অত্যাধুনিক অথবা বিলাসী বাহন ব্যৱহাৰ কৰা দেখা যায় যদিও দেৰগাঁৱৰ নেঘেৰিটিং কৈৱৰ্ত্ত গাঁৱৰ শিক্ষক ৰজা দাসৰ বিয়াত পুৰণিকালৰ দৰে ঘোঁৰা গাড়ীত কইনাৰ ঘৰলৈ যোৱা দৃশ্যই বহু লোকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 4 =

Back to top button