অপৰাধঅসমঅসম আৰক্ষীআঞ্চলিকগুৱাহাটীদৈনিক বাতৰি

পুনৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান! ১২ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ জব্দ

আৰক্ষীয়ে সৰবৰাহকাৰীৰ পৰা জব্দ কৰে ১২ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ, খালী চিৰিঞ্জ।

জীৱননাশক ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত অসম আৰক্ষীৰ জোৰদাৰ অভিযান। মহানগৰীৰ মালিগাঁৱত পুনৰ আটক ড্ৰাগছ সৰবৰাহকাৰী।

 

গোশালাৰ শনি মন্দিৰৰ সমীপত মালিগাঁও আৰক্ষী চকীয়ে চলোৱা অভিযানত ড্ৰাগছসহ আটক এটা সৰবৰাহকাৰী। ধৃত সৰবৰাহকাৰীজনৰ নাম দীপক দাস। আৰক্ষীয়ে সৰবৰাহকাৰীৰ পৰা জব্দ কৰে ১২ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ, খালী চিৰিঞ্জ। লগতে জব্দ এখন দুচকীয়া বাহন, মোবাইল ফোনসহ নগদ ধন।

 

ঘটনা সন্দৰ্ভত মালিগাঁও আৰক্ষী চকীত NDPS আইনৰ অধীনত গোচৰ ৰুজু। এই সন্দৰ্ভত অধিক তথ্যৰ বাবে তদন্ত অব্যাহত মালিগাঁও আৰক্ষী চকীৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.