Socialঅপৰাধআন্তঃৰাষ্ট্ৰীয়

জনপ্ৰিয় শিল্পী ৰাহাট ফাতেহ আলী খানৰ বিৰুদ্ধে বিস্ফোৰক তথ্য

ৰাহাট ফাতেহ আলী খানৰ ওপৰত ৪.৩ কোটি টকাৰ কৰ আৰোপ

জনপ্ৰিয় শিল্পী ৰাহাট ফাতেহ আলী খানৰ বিৰুদ্ধে বিস্ফোৰক তথ্য৷ প্ৰাপ্ত খবৰ অনুসৰি, এফ বি আৰে ৰাহাট ফাতেহ আলী খানৰ ওপৰত ৪.৩ কোটি টকাৰ কৰ আৰোপ কৰিছে৷ পাকিস্তান ফেডাৰেল ব’ৰ্ড অৱ ৰেভিনিউৰ ৰাডাৰৰ আওতালৈ আহে প্ৰবীণ গায়ক ৰাহাট ফাতেহ আলী খান। ৬ কোটি টকাৰো অধিক ধনৰ গোপন বেংক একাউণ্ট আছিল শিল্পীগৰাকীৰ৷

ৰাহাট ফাতেহ আলী খানক মাত্ৰ এমাহৰ সময় দিছে পাকিস্তান ফেডাৰেল ব’ৰ্ডে৷ সামা টিভিৰ বাতৰি অনুসৰি এফ বি আৰে ৰাহাত ফাতেহ আলী খানৰ কেইবাটাও গোপন একাউণ্ট থকা বুলি তথ্য প্ৰকাশ কৰিছে। কিন্তু তেওঁ দাবী কৰে যে তেওঁৰ একাউণ্ট মাত্ৰ দুটা বেংকতহে আছে।

লেনদেনৰ সন্দৰ্ভত এফ বি আৰে ৰাহাট ফাতেহ আলী খানৰ সৈতে যোগাযোগ কৰে যদিও কোনো সন্তোষজনক উত্তৰ নোপোৱাৰ বাবে তেওঁক এমাহৰ ভিতৰত কৰ হিচাপে ৪.৩ কোটি টকা দিবলৈ নিৰ্দেশ দিয়ে।

যোৱা মাহত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে কৈছিল যে ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাজেটত শাসকীয় মিত্ৰজোঁটৰ চৰকাৰে ধনী লোকক কৰ আৰোপ কৰি দৰিদ্ৰ লোকৰ ওপৰত হোৱা অৰ্থনৈতিক বোজা হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে বুলি ড’নে প্ৰকাশ কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − thirteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.