অপৰাধঅসম

বেলতলাৰ পিছতে এইবাৰ খানাপাৰাত নৃশংস হত্যাকাণ্ড, নলাত উদ্ধাৰ মহিলাৰ টুকুৰা টুকুৰ মৃতদেহ

গুৱাহাটী মহানগৰৰ খানাপাৰাত উদ্ধাৰ এটা অচিনাক্ত মৃতদেহ। খানাপাৰাৰ উৰণীয়া সেঁতুৰ তলত এটা নলাত উদ্ধাৰ মৃত দেহৰ অৰ্ধাংশ।

বেলতলা ছাৰ্ভেৰ বৃদ্ধ দম্পতীৰ হত্যাকাণ্ডৰ পিছতে মহানগৰীত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। টুকুৰা টুকুৰ অৱস্থাত উদ্ধাৰ এগৰাকী অচিনাক্ত মহিলাৰ মৃতদেহ।

গুৱাহাটী মহানগৰৰ খানাপাৰাত উদ্ধাৰ এটা অচিনাক্ত মৃতদেহ। খানাপাৰাৰ উৰণীয়া সেঁতুৰ সমীপত এটা নলাত উদ্ধাৰ মৃত দেহৰ অৰ্ধাংশ।

পলিথিনত টুকুৰা টুকুৰ কৰি ভৰাই থোৱা অৱস্থাত উদ্ধাৰ মৃতদেহটো। পলিথিনৰ ভিতৰত আছে মহিলাগৰাকীৰ দুয়োখন ভৰি। অৱশ্যে, দেহৰ অন্য অংশ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী।

মহিলাগৰাকীক চোকা অস্ত্ৰৰে হানি-খুঁচি হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। বৰ্তমানলৈ চিনাক্ত হোৱা নাই মৃতদেহটো।

ঘটনাস্থলীত উপস্থিত হৈ মহানগৰ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen + eleven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.