অসমৰাজনৈতিক

‘বিজেপি আৰু RSSৰ কথামতে মোক বদনাম কৰিছে আমিনুল ইছলামে’-অখিল গগৈ

মোট সলাই-সলাই আমিনুল ইছলামে অখিল গগৈৰ সততাৰ ওপৰত প্ৰশ্ন তুলিছে

বিধায়ক অখিল গগৈৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাইছে আমিনুল ইছলামে। সংবাদ মাধ্যমৰ আগত এই কথা ব্যক্ত কৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। তেওঁ কয় যে, ‘বিধায়ক আমিনুল ইছলামে মোৰ বিৰুদ্ধে মিছা অপপ্ৰচাৰ চলোৱাটো দুৰ্ভাগ্যজনক কথা’।

মোট সলাই-সলাই আমিনুল ইছলামে অখিল গগৈৰ সততাৰ ওপৰত প্ৰশ্ন তুলিছে। বিধায়ক আমিনুল ইছলামৰ অপপ্ৰচাৰৰ বিৰুদ্ধে ৰাইজৰ দল আৰু অখিলে মানহানিৰ গোচৰ তৰিবলৈ সিদ্ধান্ত লোৱাৰ কথাও ব্যক্ত কৰে সংবাদ মাধ্যমৰ আগত।
ইতিমধ্যে অধিবক্তাই আমিনুল ইছলামৰ গোচৰৰ ওপৰত গোচৰ তৰা আৰম্ভ কৰিছে বুলিও জনায় বিধায়ক অখিলে।

আনকি, অনুসূচীত জাতিৰ বিৰুদ্ধে কোনো মন্তব্য নকৰাৰ স্বীকাৰোক্তি দিয়ে বিধায়কগৰাকীয়ে। তেওঁ কয় যে, মই অসমৰ কোনো জাতিৰ বিৰুদ্ধে কেতিয়াও কোনো মন্তব্য দিয়া নাই। অনুসূচীত জাতিৰ বিৰুদ্ধে কথা কোৱাত কোনো যুক্তি থাকিব নোৱাৰে বুলি জনায় অখিল গগৈয়ে।

পৰাশমণি দাস নামৰ যি যুৱকে অনুসূচীত জাতিৰ বিৰুদ্ধে কথা কোৱাৰ অভিযোগ তুলিছে, সেই যুৱকজনে বিধায়কগৰাকীৰ হৈ নিৰ্বাচনত প্ৰচাৰ চলাইছিল বুলিও মত প্ৰকাশ কৰে অখিলে।

বিধায়ক হোৱাৰ পৰাই বিভিন্ন সময়ত ইটো-সিটো বিতৰ্কত সোমাই থকা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কেনেদৰে বিতৰ্ক এৰাই চলিব, সেয়া পৰৱৰিতী সময়ত লক্ষণীয় হ’ব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten − 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.