অভিনয়বলিউডমনোৰঞ্জন

আমেৰিকাৰ চিনেমা পৰিচালকৰ প্ৰস্তাৱো প্ৰত্যাখ্যান কৰিছিল তেওঁ, মোহময়ী অভিনেত্ৰী শ্ৰীদেৱীৰ বিষয়ে আপুনি নাজানে এইকেইটা কথা…

তেখেতৰ অদ্বিতীয় অভিনয়শৈলীৰ বাবে আজিও অনুৰাগীৰ মাজত সজীৱ হৈ আছে অভিনেত্ৰী শ্ৰীদেৱী।

বলিউডৰ মোহময়ী অভিনেত্ৰী তেওঁ। ৰূপে-গুণে অনন্যা শ্ৰীদেৱীৰ অভিনৱ অভিনয়শৈলী, মোহময়ীতাই প্ৰত্যেক সময়তে আকৰ্ষণ কৰিছিল অনুৰাগীক।

যেতিয়া টেলিভিছন অথবা চিনেমা হলৰ পৰ্দাত বাজি উঠিছিল প্ৰয়াত অভিনেত্ৰীগৰাকীৰ চিনেমাৰ অংশ, আনন্দত কিৰিলি পাৰি উঠিছিল এজাউৰি হাত চাপৰিৰে সৈতে সমগ্ৰ দৰ্শক। তেখেতৰ অদ্বিতীয় অভিনয়শৈলীৰ বাবে আজিও অনুৰাগীৰ মাজত সজীৱ হৈ আছে অভিনেত্ৰী শ্ৰীদেৱী।

আমেৰিকাৰ চিনেমা পৰিচালকৰ প্ৰস্তাৱো প্ৰত্যাখ্যান কৰিছিল তেওঁ, মোহময়ী অভিনেত্ৰী শ্ৰীদেৱীৰ বিষয়ে আপুনি নাজানে এইকেইটা কথা...

১৯৬৩ চনৰ ১৩ আগষ্টত জন্মগ্ৰহণ কৰা শ্ৰীদেৱীয়ে জীৱিত কালত ৩০০খনতকৈও অধিক চিনেমাত অভিনয় কৰিছিল । বহু অনুৰাগীয়ে অভিনেত্ৰীগৰাকীক আৰাধ্য দেৱীৰ দৰে পূজিছিল।

মোহময়ী অভিনেত্ৰী শ্ৰীদেৱীৰ বিষয়ে নজনা কেইটামান কথাঃ

১) শ্ৰীদেৱী আছিল বলিউডৰ প্ৰথমগৰাকী মহিলা চুপাৰষ্টাৰ।

২)তেখেতৰ প্ৰকৃত নাম আছিল শ্ৰী আম্মা য়েংগাৰ আয়াপ্পান।

আমেৰিকাৰ চিনেমা পৰিচালকৰ প্ৰস্তাৱো প্ৰত্যাখ্যান কৰিছিল তেওঁ, মোহময়ী অভিনেত্ৰী শ্ৰীদেৱীৰ বিষয়ে আপুনি নাজানে এইকেইটা কথা...

৩)আমেৰিকাৰ চিনেমা পৰিচালক ষ্টীভেন স্পেইলবাৰ্গৰ চিনেমাত অভিনয় কৰাৰ সুযোগ প্ৰত্যাখ্যান কৰিছিল মোহময়ী অভিনেত্ৰীগৰাকীয়ে।

৪)বলিউড অভিনেতা অনিল কাপুৰৰ লগত ‘BETA’ চিনেমাতো অভিনয়ৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল শ্ৰীদেৱীয়ে।

৫)স্বামী বনী কাপুৰৰ দুখন চিনেমা ক্ৰমে ‘Judaai’ আৰু ‘Hamara Dil Aapke Pass Hai’ৰ অভিনেত্ৰীৰ নামেৰে জীয়ৰী জাহ্ণৱী আৰু খুছীৰ নামকৰণ কৰিছিল অভিনেত্ৰীগৰাকীয়ে।

আমেৰিকাৰ চিনেমা পৰিচালকৰ প্ৰস্তাৱো প্ৰত্যাখ্যান কৰিছিল তেওঁ, মোহময়ী অভিনেত্ৰী শ্ৰীদেৱীৰ বিষয়ে আপুনি নাজানে এইকেইটা কথা...

৬)অভিনয় কৰাৰ উপৰিও ‘Sadma’, ‘Chandni’, ‘Garajna’ আৰু ‘Kshana Kshanam’ত প্লেবেক গীত পৰিৱেশন কৰিছিল।

৭)দক্ষিণ ভাৰতীয় হোৱাৰ বাবে প্ৰথমাৱস্থাত হিন্দী কোৱাত অসুবিধা হৈছিল শ্ৰীদেৱীৰ। সেয়েহে ‘Aakhree Raasta’ত শ্ৰীদেৱীৰ হৈ ডাবিং কৰিছিল অভিনেত্ৰী ৰেখাই। অভিনেত্ৰী নাজেও শ্ৰীদেৱীৰ হৈ চিনেমাত ডাবিং কৰিছিল।

আমেৰিকাৰ চিনেমা পৰিচালকৰ প্ৰস্তাৱো প্ৰত্যাখ্যান কৰিছিল তেওঁ, মোহময়ী অভিনেত্ৰী শ্ৰীদেৱীৰ বিষয়ে আপুনি নাজানে এইকেইটা কথা...

২০১৮ চনৰ ২৪ ফেব্ৰুৱাৰীত ডুবাইত আকস্মিকবাৱে মৃত্যুক সাৱটি বলিউড উকা কৰি যোৱা অভিনেত্ৰীগৰাকীক জন্ম বাৰ্ষিকীৰ দিনটোত শ্ৰদ্ধাৰে সুঁৱৰিছো।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 4 =

Back to top button