অসম

স্থানীয় বিধায়কৰ অমনোযোগিতাৰ বাবে জীয়াতু ভুগিছে স্থানীয় ৰাইজে

স্থানীয় বিধায়কৰ অৱহেলা আৰু অমনোযোগিতাৰ বাবে এতিয়া জীয়াতু ভুগিছে নগাঁৱৰ একাংশ ৰাইজে

নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক নেতাসকলৰ প্ৰতিশ্ৰুতিৰ ধাৰাসাৰ বান। কিন্তু প্ৰয়োজনীয় ভোট কেইটা লাভ কৰি সকলো পাহৰিলে স্থানীয় ৰাজনৈতিক নেতাই।স্থানীয় বিধায়কৰ অৱহেলা আৰু অমনোযোগিতাৰ বাবে এতিয়া জীয়াতু ভুগিছে নগাঁৱৰ একাংশ ৰাইজে।

ৰাজ্যত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ঠায়ে-ঠায়ে সৃষ্টি হৈছে কৃত্ৰিম বান। এই কৃত্ৰিম বানে অসুবিধাত পেলাইছে সাধাৰণ জনতাক।

নগাওঁ লাওখোৱা ৰোডৰ দুটা উপপথ প্ৰফুল্ল শইকীয়া পথ আৰু লখিমী পথটো দুৰৱস্থা। এজাক বৰষুণ দিলেই এই দুয়োটা পথত সৃষ্টি হয় কৃত্ৰিম বানপানী। পথৰ কাষত নলাৰ কোনো ধৰণৰ সুব্যৱস্থা নথকাৰ বাবেই সমগ্ৰ পথ পানীত ডুব যায়। যাৰ বাবে এতিয়া দুৰ্ভোগ ভুগিব লগীয়া হৈছে অঞ্চলবাসীয়ে।

নিৰ্বাচনৰ পূৰ্বে স্থানীয় বিধায়কক বাৰম্বাৰ এই কথা অৱগত কৰোৱাৰ পিছত পথৰ দাঁতিত নলা নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছিল যদিও নিৰ্বাচন যোৱাৰ পাছত বিধায়কৰ নাই কোনো কাণ-সাৰ। অসহায় জনতাই অৱশেষত কাষ চাপে সংবাদ মাধ্যমৰ। দীৰ্ঘ দিন ধৰি ভুগি অহা এই কৃত্ৰিম বানৰ সমস্যাৰ এক উপযুক্ত সমাধান বিচাৰে স্থানীয় ৰাইজে। ৰাইজৰ আশা অতি সোনকালেই এই সমস্যা সমাধানৰ ক্ষেত্ৰত ব্যৱস্থা কৰক স্থানীয় বিধায়কে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen − two =

Back to top button