ধন দিলেই কাৰাগাৰৰ ভিতৰত কয়দীয়ে পায় চিগাৰেট, সুৰা, ম’বাইল…
খোদ কাৰাগাৰৰ বিষয়া-কৰ্মচাৰীয়ে কয়দীক যোগান ধৰে চোকা অস্ত্ৰ। ইমানেই নহয়, ধনৰ বিনিময়ত কয়দীক কাৰাগাৰৰ কৰ্মচাৰীয়ে দিয়ে বিড়ি-চিগাৰেট, সুৰাৰ বটলৰ, ম’বাইল ফোন। কাৰাগাৰত চলা অনৈতিক কাৰ্যকলাপৰ তথ্য বাহিৰ হোৱাৰ পিছতেই ৪ বিষয়া কৰ্মচাৰীসহ ২৯ জনক গ্ৰেপ্তাৰ।

পোহৰলৈ আহিছে শ্ৰীভূমি কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰৰ এক ভয়ংকৰ কলা অধ্যায়।কাৰাগাৰৰ ভিতৰতে কয়দীক যোগান ধৰা হয় চোকা অস্ত্ৰ। ধন দিলেই কয়দীয়ে কাৰাগাৰৰ ভিতৰত পায় চিগাৰেট, সুৰা, ম’বাইল? কয়দীৰ জেৰাত পোহৰলৈ আহিছে শ্ৰীভূমি কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰৰ বহু বিস্ফোৰক তথ্য।
খোদ কাৰাগাৰৰ বিষয়া-কৰ্মচাৰীয়ে কয়দীক যোগান ধৰে চোকা অস্ত্ৰ। ইমানেই নহয়, ধনৰ বিনিময়ত কয়দীক কাৰাগাৰৰ কৰ্মচাৰীয়ে দিয়ে বিড়ি-চিগাৰেট, সুৰাৰ বটলৰ, ম’বাইল ফোন। কাৰাগাৰত চলা অনৈতিক কাৰ্যকলাপৰ তথ্য বাহিৰ হোৱাৰ পিছতেই ৪ বিষয়া কৰ্মচাৰীসহ ২৯ জনক গ্ৰেপ্তাৰ। গ্ৰেপ্তাৰ সহকাৰী কাৰাধ্যক্ষ ৰুদ্ৰ দেউৰী। গ্ৰেপ্তাৰ সহকাৰী কাৰাধ্যক্ষ বিশ্বজিৎ বৰুৱাসহ হেড ৱাৰ্ডাৰ মুছাহিদ আলী লস্কৰ আৰু ৱাৰ্ডাৰ শুভাশিস ঘোষ।
কাছাৰ আৰক্ষী অধীক্ষকৰ নিৰ্দেশত গ্ৰেপ্তাৰ ২৫ কয়দী।
উল্লেখ্য যে, শ্ৰীভূমি জিলা আৰক্ষী অধীক্ষক লীনা দলে বিগত ফেব্ৰুৱাৰী মাহতে লাভ কৰিছিল কাৰাগাৰৰ ভিতৰত কয়দীয়ে মোবাইল ফোন ব্যবহাৰ হোৱাৰ তথ্য। সেই মৰ্মে প্ৰায় ৫ মাহ তদন্তৰ অন্তত শ্ৰীভূমি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিষয়া কৰ্মচাৰীসহ ২৯ জনক। আটাইকেইজনৰ পৰা জব্দ ২৯ টা ম’বাইল ফোন, চোকা অস্ত্ৰসহ ধপাত জাতীয় সামগ্ৰী।
গোপী পাল আৰু ছাগ্নিক চৌধুৰীৰ ৰিপৰ্ট