অসমজীৱনশৈলীবোলছবিশিল্পীসংগীতসংস্কৃতি

জুবিন গাৰ্গৰ গীতৰ ভাষাৰেই আনে যোৱা বাটে নোযোৱা ছোৱালীজনী মাথোঁ গৰিমা শইকীয়া গাৰ্গ

কপালৰ সেন্দুৰ কেতিয়াও নমচো বুলি সাহসেৰে ক'ব পৰা এগৰাকী সাহসী নাৰী গৰিমা শইকীয়া গাৰ্গ

সাধুকথাত নিশ্চয় ৰজা ৰাণীৰ কাহিনী শুনিছে সকলোৱে। কিন্তু বাস্তৱৰ ৰজা-ৰাণীৰক দেখিছেনে কেতিয়াবা? অসম মুলুকত জুবিন গাৰ্গ নামৰ এজন ৰজা আছিল। জীৱনৰ আৰ্জিত সকলো ৰাইজলৈ দান কৰিছিল ৰজা জনে। তেখেতৰ এগৰাকী ৰাণী আছিল, নাম- গৰিমা শইকীয়া গাৰ্গ। জুবিন ৰজাৰ সুখ দুখৰ লগৰী আছিল ৰাণী গৰাকী। কিন্তু হঠাতে অহা এক সাগৰীয় ধুমুহাই ৰজাজনক লৈ গʼল ৰাণীৰ পৰা আঁতৰাই কোনো অচিন দেশলৈ। চিৰদিনৰ বাবে নিসংগ, অকলশৰীয়া হৈ পৰিল গৰিমা গাৰ্গ নামৰ ৰাণী গৰাকী।

হাঁহিটো হেৰাই যোৱা মানুহগৰাকীৰ বুকুত কি বা চলিছিল শুকুৰবাৰৰ দিনটোত..?? নিস্তেজ হৈ পৰা মানুহগৰাকীৰ চকুৱে কাক বা বিচাৰি ফুৰিছিল….! শূণ্য, উদাস।

কপালৰ দগমগীয়া বেলিটি আৰু অলপ উজ্জ্বল হ’লহেঁতেন !
শিৰৰ সেন্দুৰৰ ৰেখাডাল আৰু গাঢ় হ’লহেঁতেন !
কাপোৰসাঁজ কিমান পৰিপাটীকৈ যে পিন্ধিলেহেঁতেন !
উজ্জ্বল কাপোৰসাঁজৰ সৈতে মানুহগৰাকীয়ে পিন্ধিলেহেঁতেন এটি উজ্জ্বল হাঁহি !
মানুহজনৰ কাষে-কাষে থিয় হৈ সকলোকে মাতষাৰ দিলেহেঁতেন !
৩১ অক্টোবৰ, শুকুৰবাৰে তেওঁ এনেকৈ অহাৰ কথা নাছিল। স্বামীৰ নিজৰ চিনেমাখন উকা সাঁজেৰে আহি, কাষত মানুহজনৰ কাৰণে আছুতীয়াকৈ এখন আসন ৰাখি, চকুত চকুলো নিগৰাই চোৱাৰ কথা নাছিল। কিন্তু নিষ্ঠুৰ নিয়তিৰ পৰিহাস …

গৰিমা শইকীয়া গাৰ্গ হোৱাটো কিমান সহজ আছিল আমাৰ প্ৰজন্মই নাজানো !
সাহসৰ সংজ্ঞা আজি গৰিমা শইকীয়া গাৰ্গ ।
ধৈৰ্য-সম্ভ্ৰমৰ সংজ্ঞা আজি গৰিমা শইকীয়া গাৰ্গ ।
গৰিমা শইকীয়া গাৰ্গ হ’বলৈ সাহস লাগিব, ধৈৰ্য্য লাগিব, সম্ভ্ৰম লাগিব। আৰু সেই সকলোবোৰেৰে তেওঁ আজি যেন হৈ পৰিছে এগৰাকী ৰাণী। ধৈৰ্যশীল, শালীন, সময়লৈ বাট চোৱা আৰু সাহসী – সুন্দৰ মুখ একোখনিৰ আঁৰত তেওঁলোক এই গুণবোৰৰ গৰাকী। সকলো হেৰুৱাইও তেওঁৰ আচৰণত আছে সম্ভ্ৰম। শোকত আতুৰ অথচ সংযম। চকুলো নুশুকোৱা মানুহগৰাকীয়ে সান্তনা দিছে অনুৰাগীক। কাৰোবাক সাৱটি লৈছে। কাৰোবাৰ হাত দুখন খামুচি ধৰিছে। এই যে সকলো হেৰুৱাই কেতিয়াবা নিজ ভনীৰ দৰে আৱৰি লৈ ফুৰা ননদ পামীক বুজাইছে। কেতিয়াবা কান্দি-কাটি বাউলি হোৱা জুৱলীক সাৱটি ধৰিছে।
কেতিয়াবা তেওঁ কৈ উঠিছে, “আজি হিন্দু-মুছলমান নহয়, মানুহ আহিছে।” কেতিয়াবা তেওঁ আহ্বান জনাইছে- জুবিনক জীয়াই ৰাখিবলৈ হ’লে আমি কেৱল মানুহ হৈ থাকিব লাগিব। এয়া গৰিমা শইকীয়া গাৰ্গৰ কথা। প্ৰাণৰ মানুহজনক কেনেকৈ যে আৱৰি ৰাখিছিল তেওঁ, ইমান ভালপোৱা, ইমান মৰম, ইমান আদৰ, ইমান যতন…. সেই শিশুসুলভ মানুহটোক আৱৰি সকলোৰে সৈতে হাঁহি-মাতি থকা মানুহগৰাকী গৰিমা শইকীয়া গাৰ্গ।
গৰিমা শইকীয়া গাৰ্গৰ চকুহাললৈ চালেই যেন সন্মুখত এখন সাগৰ ভাহি উঠেl সমাজৰ কু-সংস্কাৰৰ বিৰুদ্ধে সবলভাৱেই থিয় দিয়া এটা নাম গৰিমা শইকীয়া গাৰ্গ। প্ৰাণৰ মানুহজন নোহোৱা হ’লেই যে এগৰাকী নাৰীৰ জীৱনলৈ বৈধৱ্য নাহে, সেয়া শিকাই গৈছে গৰিমা শইকীয়া গাৰ্গে। কপালৰ সেন্দুৰ কেতিয়াও নমচো বুলি সাহসেৰে ক’ব পৰা এগৰাকী সাহসী নাৰী গৰিমা শইকীয়া গাৰ্গ। জুবিন গাৰ্গৰ গীতৰ ভাষাৰেই আনে যোৱা বাটে নোযোৱা ছোৱালীজনী মাথোঁ গৰিমা শইকীয়া গাৰ্গ। গৰিমা শইকীয়া গাৰ্গ ভালে থাকক। জুবিন দাৰ কাষত থিয় হৈ থাকোঁতে হঁহা সেই সপ্ৰতীভ হাঁহিটো আকৌ বিৰিঙি উঠক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen − five =

Back to top button