AssamSocial

আহক বনভোজলৈ যাওঁ… ৱাটছএপৰ ‘Picnic Group 2025’ ত এড্ হ’ল নে আপুনি?

পোৱা- নোপোৱা হেঁপাহৰ দোমোজাৰে কেলেণ্ডাৰৰ বুকুৰ পৰা হেৰাই যোৱাৰ পথত এটা বছৰ।

আজি পহিলা ডিচেম্বৰ। ২০২৪ চনৰ ডিচেম্বৰ মাহৰ প্ৰথমটো দেওবাৰ। এটা বছৰ বাগৰ সলাবলৈ মাজত মাথো ৩০টা দিন। পোৱা- নোপোৱা হেঁপাহৰ দোমোজাৰে কেলেণ্ডাৰৰ বুকুৰ পৰা হেৰাই যোৱাৰ পথত এটা বছৰ। পুৰণিয়ে বাগৰ সলালেই প্ৰতিশ্ৰুতি থাকে নতুনৰ। তেনে নতুন আশা আৰু প্ৰতিশ্ৰুতি লৈ কেইটামান দিনৰ পিছতে কেলেণ্ডাৰৰ বুকুত থিতাপি লবহি নতুন এটা বছৰে। পুৰণিক বিদায় দি নতুনক আদৰাৰ এই ক্ষণতেই বাঢ়ে ব্যস্ততা। সেই ব্যস্ততাকো আওকাণ কৰি লগে ভাগে এসাঁজ খোৱাৰ হেঁপাহত ওলাই আহে বহুজন। ভিৰ বাঢ়ে ৰাজ্যৰ পিকনিক স্থলীসমূহত।

শীতৰ কুঁৱলিৰ আচ্ছাদন ফালি উলাই অহা ৰাঙলি বেলিটো হাতৰ মুঠিত লৈ গতানুগতিক জীৱনৰ ব্যস্ততাবোৰ পাহৰি পৰিয়াল, আত্মীয়-কুটুম্বৰ সৈতে কোনোবা এটা পাহাৰৰ দাঁতিত অথবা নৈৰ পাৰত একেলগে এসাঁজ খোৱাৰ হেঁপাহ সকলোৰে থাকে। বজাৰত নতুনকৈ ওলোৱা পকা সুমথিৰাটোৱেই হওক, ঔ- টেঙা মাছৰ জুলেৰেই হওক, হাঁহ-কোমোৰাই হওক…জুতিবোৰ বাঢ়ি আহে। চেঁচা বতাহজাকৰ সৈতে পাহাৰৰ বুকুত ঠেকা খাই এতিয়াও বাজি উঠে পুৰণি সেই জনপ্ৰিয় গীতবোৰ…’জানমনি তোমাৰ বাবে’, ‘তই নাগিনী নে নগা চাঙৰ’, ‘পৰ্বতৰ ধে-ধেকীয়া’…।

সময় সলনি হৈছে! বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই আমাক ইমান দূৰলৈ লৈ গৈছে যে যান্ত্ৰিকতাৰ মাজত আমিবোৰ হৈ পৰিছো ক্ৰমশঃ আত্মকেন্দ্ৰিক। ভাৰ্ছুৱেল জগতৰ ব্যস্ততাই আপোন মানুহবোৰ, প্ৰিয়জন কাষত থকাৰ পিছতো লৈ গৈছে আমাক বহু দূৰলৈ। যাৰ বাবে ‘আমি’ হৈয়ো সকলোবোৰ ‘মই’ হৈ পৰিছো। পাহৰি পেলাইছো তাহানিৰ সেই এৰি অহা দিনৰ চিনাকী বাটবোৰ। যি বাটত ৰৈ আছিল স্নেহ আৰু বান্ধোন। কিন্তু সময় পৰিৱৰ্তনশীল। সময়ৰ লগে লগে আমি পৰিৱৰ্তনক স্বীকাৰ কৰিবই লাগিব। কিন্তু এই পৰিৱৰ্তনৰ ধামখুমিয়াৰ গতিত আমি পাহৰিব নালাগিব শিপা খামুছি ধৰি ৰখা আমাৰ অতীতৰ সোণ-সেৰীয়া দিনবোৰ।

আজি পহিলা ডিচেম্বৰ। পুৰণি দিনৰ স্মৃতিয়ে ক্ষন্তেক হ’লেও আমনি কৰিছে আপোনাক। তাহানিতে গাঁৱৰ গধূলি হাতত বহিখন লৈ বনভোজৰ বাবে লিখা সেই দীঘলীয়া তালিকাখন, কাৰ ঘৰৰ খৰি, কাৰ ঘৰৰ হাঁহ, কাৰ ঘৰৰ কোমোৰা, কাৰ ঘৰৰ নেমু…। বনভোজ খোৱাৰ লগ বিচাৰি হাবাথুৰি খোৱাৰ দিনবোৰ তাহানিৰ নাছিল। কোন যাব, কোন নাযাব… পিকনিকৰ আগদিনাৰলৈকে বাঢ়িছিল তালিকাখন। সময় আছিল তেতিয়া, গাঁৱৰ পিকনিকলৈ বুলি বছৰেকৰ পূৰ্ৱে দূৰলৈ বিয়া দিয়া ছোৱালীজনীও আহিছিল ঘৰলৈ। এয়া কেৱল আনন্দ নাছিল,আছিল গাওঁবোৰ গাওঁ হৈ থকা, মানুহবোৰ মানুহ হৈ থকাৰ এটা বান্ধোন।

হয়তো এই মুহুৰ্তত দৈনন্দিন ৰুটিনখনৰ ব্যস্ততাৰ মাজতো আপুনি জুমি চাইছে কেলেণ্ডাৰৰ বুকুত থকা ৰঙা দেওবাৰটোলৈ। আপুনি ভাবিছে হয়তো পুৰণিক বিদায় দি নতুনক আদৰাৰ সেই ক্ষণত লগে- ভাগে এসাঁজ খোৱাৰ কথা। যদি কথাবোৰে মনৰ মণিকোঠত দোলা দিছে, তেন্তে পলম কিহৰ! ভাৰ্চুৱেলিয়েই ৱাট্ছ এপৰ বুকুত খুদিত কৰক এটা নতুন নাম- ‘Picnic Group 2025’ আৰু ভাৰ্চোৱেলিয়েই এড্ কৰক আপোনাৰ প্ৰিয়জনক, আপোনাৰ পৰিয়ালক, দূৰণিত থকা আপোনাৰ বন্ধুজনক।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 + ten =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.