উকা কেনভাচ ৰঙীন কৰিবলৈ আৰু কেতিয়াও উভতি নাহে নীলপৱন বৰুৱা। মৰমৰ দীপালীৰ কাষলৈ চিৰদিনৰ বাবে গুচি গ’ল আজন্ম প্ৰেমিকজন। অজান দেশত আজি মিলন ঘটিব দুয়োৰে। নীল আকাশত ৰামধেনুৰ ছবি আঁকিব ৰং তুলিকাৰ যাদুকৰ নীলপৱন বৰুৱাই। কাষতে চেনাইক পাই দিপালীয়েও গাব ভালপোৱাৰ গীত। দুটি তৰা হৈ জিলিকি উঠিব দুৰন্ত প্ৰেমিক যুগল।
উকা পৰি ৰ’ল প্ৰেমৰ সৌৰভ বিলোৱা বেলতলাৰ সৌৰভ নগৰৰ সেই ঘৰখন য’ৰ পৰা আৰম্ভ হৈছিল দুৰন্ত প্ৰেমিক যুগলৰ সংসাৰ। এই ঘৰটোৰ পৰাই নীল-দিপালীয়ে বিলাইছিল প্ৰেমৰ সুবাস। ১৯৭৬ চনৰ ৭ মাৰ্চত দুয়োৱে আৱদ্ধ হৈছিল বিবাহপাশত। বিবাহৰ পূৰ্বেই প্ৰেমিকা দীপালী আক্ৰান্ত হৈছিল মটৰ নিউৰণ তথা জটিল স্নায়ু ৰোগত, হেৰুৱাই পেলাইছিল কণ্ঠ। বিবাহৰ পিছত প্ৰেমিক স্বামী নীলপৱনৰ দৈনন্দিন পৰিচৰ্যাত জী উঠিছিল দীপালী। শৰীৰৰ অক্ষমতাকো প্ৰেমৰ শক্তিৰে উজ্জীৱিত কৰি তোলা নীল-দীপালীৰ হৃদস্পন্দনত কেৱল আছিল সৃষ্টিশীলতা। নীলপৱন যদি আছিল এটি গীতৰ কথা, দীপালী আছিল এটি গীত। দীপালী যদি আছিল এখন ছবি, নীলপৱন আছিল ছবিখনৰ ৰং-তুলিকা। এনেদৰেই দুয়োৱে দুয়োৰ ছায়া হৈ অতিবাহিত কৰিছিল জীৱন। দীপালী বৰঠাকুৰৰ মৃত্যুৰ কিছুদিন পূৰ্বে হোৱা এক সাক্ষাৎকাৰত প্ৰেমিক নীলপৱনে কৈছিল, “মোতকৈ তেওঁহে আগত যোৱাটো বিচাৰো। মই আগেয়ে গ’লে তেওঁৰ বৰ আলাই-আথানি হ’ব।” তেঁওৰ সেইকথা নেদেখাজনে শুনিছিল আৰু তেঁওতকৈ আগত লৈ গৈছিল প্ৰয়সী দীপালী। আৰু যোৱা কালি প্ৰেমিকা দীপালী যোৱাৰ বাটেৰেই গ’লগৈ আজন্ম প্ৰেমিক নীলপৱন বৰুৱা। আজীৱন অসমবাসীৰ মাজত জীয়াই থাকিব এই দুৰন্ত প্ৰেমিক যুঁটি। যুগে যুগে জীপাল হৈ থাকিব তেঁওলোকৰ প্ৰেম কাহিনী।
আজি পঞ্চভূতত বিলীন হ’ব আজন্ম প্ৰেমিক, ৰং-তুলিকাৰ যাদুকৰ নীলপৱন বৰুৱা।