অসমআঞ্চলিক

আজি পঞ্চভূতত বিলীন হ’ব নিপন গোস্বামীৰ নশ্বৰ দেহ, ১১ বজাত সম্পন্ন হ’ব অন্ত্যেষ্টিক্ৰিয়া

বৃহস্পতিবাৰে পুৱা ৯ বাজি ১৫ মিনিটত মৃত্যু হ'য় শিল্পীগৰাকীৰ

অজান দেশলৈ গুচি গ’ল জনতাৰ আপোন শিল্পী, অসমীয়া ছবি জগতৰ মহানায়ক নিপন গোস্বামী। হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা অৱস্থাতে বৃহস্পতিবাৰে পুৱা ৯ বাজি ১৫ মিনিটত মৃত্যু হ’য় শিল্পীগৰাকীৰ। নিশা জ্যোতি চিত্ৰবনতে ৰখা হয় মহাতাৰকা জনৰ নশ্বৰদেহ। জ্যোতি চিত্ৰবনত শেষ শ্ৰদ্ধা জ্ঞাপন কৰে বিভিন্ন দল-সংগঠন আৰু গুণমুগ্ধই।

Veteran Assamese actor Nipon Goswami dies at 80- The New Indian Express

আজি পুৱা ৯ বজাত কলাক্ষেত্ৰলৈ নিয়া হ’ব অভিনেতাজনৰ নশ্বৰদেহ। তাৰ পিছতে কলাক্ষেত্ৰৰ পৰা দীঘলীপুখুৰী পাৰলৈ আৰু ৰবীন্দ্ৰ ভৱনলৈ নিয়া হ’ব গোস্বামীদেৱৰ নশ্বৰদেহ। পুৱা ১১ বজাত নৱগ্ৰহ শ্মশানত সম্পন্ন হ’ব অন্ত্যেষ্টিক্ৰিয়া। ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন হ’ব মহীৰূহগৰাকী।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × two =

Back to top button