জন্তু

প্ৰায় ২০০ জীৱ-জন্তুক প্ৰতিদিনেই খাদ্যৰ যোগান ধৰিছে দুই যুৱকে

সংকটকালত জীৱজন্তুৰ বাবে চিন্তা কৰা গোৱালপাৰাৰ দুই যুৱক৷ পদপথৰ কুকুৰ, বান্দৰক নিজে ৰান্ধি খুৱাইছে খাদ্য৷

কৰ’ণা মহামাৰীৰ বাবে স্তব্ধ হৈ পৰিছে জনজীৱন। কেৱল মানুহৰ বাবেই নহয় জীৱ জন্তুৰ বাবেও এয়া কঠিন সময়। মানুহৰ লগতে জীৱ জন্তু সকলো এতিয়া ভুগিছে খাদ্য তীব্ৰ সংকটত।

তেনে সময়তে গোৱালপাৰাৰ দুই যুৱক জামান আৰু ৰাবিবুলে লৈছে ব্যতিক্ৰমী প্ৰচেষ্টা। গোৱালপাৰা চহৰৰ চুকে-কোণে ঘুৰি ফুৰা প্ৰায় ১৫০-২০০ জীৱ জন্তুক প্ৰতিদিনেই ধৰিছে খাদ্যৰ যোগান। ঘৰতে নিজেই ভাত মাংস বনাই আনি বিলাইছে জীৱ জন্তুক।

যিহেতু চৰকাৰ SOP ৰ লগতে ক’ভিডৰ ভয়াৱহতাৰ বাবে মন্দিৰ অথবা হোটেল সমূহৰ পৰা খাদ্য অভাৱৰ বাবে বিপাঙত জীৱ কুল। তেনে ক্ষেত্ৰত এই দুই প্ৰকৃতি প্ৰেমীৰ মহানুভৱতাই জীৱ জন্তুক ভালপোৱাৰ এক উৎকৃষ্ট নিদৰ্শন আগবঢ়াইছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

8 + three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.