Assamঅসমআঞ্চলিকজন্তুদৈনিক বাতৰি

নগাঁৱৰ কঠীয়াতলিৰ আহুতলীত বন্যহস্তীৰ বিচৰণে স্থানীয় ৰাইজৰ মাজত ত্ৰাস-প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে

নগাঁৱৰ কঠীয়াতলিৰ আহুতলীত বন্যহস্তীৰ বিচৰণে স্থানীয় ৰাইজৰ মাজত ত্ৰাস-প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে

নগাঁৱৰ কঠীয়াতলিৰ আহুতলীত বন্যহস্তীৰ বিচৰণে স্থানীয় ৰাইজৰ মাজত ত্ৰাস-প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।  নিতৌ বন্যহস্তীৰ দল খেতি–পথাৰত প্ৰৱেশ কৰি শস্য নষ্ট কৰি অহা পৰিলক্ষিত হৈছে। হাতীৰ উপস্থিতিৰ বাবেই বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে স্থানীয় ৰাইজে। নিশাটো বাদেই দিন দুপৰতে ধাননি পথাৰত ত্ৰাসৰ সৃষ্টি কৰিছে বন্যহস্তীটোৱে৷  ইফালে খাদ্যৰ সন্ধানত জনাঞ্চলত ঘূৰি ফুৰা হাতী খেদাত ব্যৰ্থ হৈছে বন বিভাগ৷

বন বিভাগে বন্যহস্তী প্ৰতিৰোধৰ ব্যৱস্থা কৰিছিল সেইয়া বৰ্তমান বিকল হৈ আছে৷ যাৰ বাবে কন্দলী পাহাৰৰ পৰা খাদ্য সন্ধানত নামি অহা হাতীৰ জাকে নিতৌ ত্ৰাসৰ সৃষ্টি কৰিছে কৃষকৰ মাজত৷ উপায়হীন ৰাইজে নিশা হাতী খেদিবলৈ গছৰ ওপৰত টঙী ঘৰ সজাৰ লগতে বিপদ সংকুল ভাৱে বিদ্যুতৰ খুটাতো সাজি লৈছে টঙী ঘৰ৷ ওৰে নিশা জুই জ্বলাই নিজৰ খেতিডৰা ৰক্ষা কৰাৰো চেষ্টা চলাইছে কৃষক সকলে৷ কঠিয়াতলী বন বিভাগে আতজবাজী ফুটাই হাতী খেদিবলৈ চেষ্টা চলাইছে যদিও হাতী খেদাত ব্যৰ্থ হয় ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.