AssamnationalSocialWild lifeঅসমআঞ্চলিকআন্তঃৰাষ্ট্ৰীয়কৃষিজন্তুদৈনিক বাতৰিবন্যপ্ৰাণীভাৰত

ঘোষণা কৰা হ’ল ২০২৪ বৰ্ষৰ পদ্মশ্ৰী বঁটা। মহিলা মাউত পাৰ্বতী বৰুৱা, আদৰ্শ কৃষক সৰ্বেশ্বৰ বসুমতাৰী, লোকশিল্পী গুৰু দ্ৰোণ ভূঞালৈ এই সন্মান প্ৰদানৰ ঘোষণা

ভাৰতৰ প্ৰথমগৰাকী মহিলা মাউত হিচাপে পৰিচিত পাৰ্বতী বৰুৱা। হাতী-মানুহৰ সংঘাত দূৰ কৰাৰ ক্ষেত্ৰত তেওঁৰ অৱদান অতুলনীয়। ১৪ বছৰ বয়সৰ পৰা তেওঁ এই ক্ষেত্ৰত কাম কৰি আহিছে

গণৰাজ্য দিৱস উপলক্ষে ঘোষণা কৰা হ’ল ২০২৪ বৰ্ষৰ পদ্মশ্ৰী বঁটা। অসমৰ তিনি অসমীয়াক প্ৰদান কৰা হ’ব এই সন্মান। এইবৰ্ষৰ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে ধুবুৰীৰ গৌৰীপুৰৰ হস্তী বিশেষজ্ঞ পাৰ্বতী বৰুৱালৈ । ইয়াৰোপৰি আদৰ্শ কৃষক সৰ্বেশ্বৰ বসুমতাৰীলৈও আগবঢ়োৱা হৈছে দেশৰ চতুৰ্থ অসামৰিক সন্মান পদ্মশ্ৰী ৷ লগতে লোকশিল্পীৰ গুৰু ছিপাঝাৰৰ দ্ৰোণ ভূঞালৈ আগবঢ়োৱা হৈছে ২০২৪ বৰ্ষৰ পদ্মশ্ৰী সন্মান ৷

উল্লেখ্য যে, ভাৰতৰ প্ৰথমগৰাকী মহিলা মাউত হিচাপে পৰিচিত পাৰ্বতী বৰুৱা। হাতী-মানুহৰ সংঘাত দূৰ কৰাৰ ক্ষেত্ৰত তেওঁৰ অৱদান অতুলনীয়। ১৪ বছৰ বয়সৰ পৰা তেওঁ এই ক্ষেত্ৰত কাম কৰি আহিছে আৰু বিগত ৪ দশক ধৰি এই ক্ষেত্ৰত চৰকাৰকো সহায় কৰিছে। পাৰ্বতী বৰুৱা হাতী চিকাৰ বা হাতীক ধৰি আনি প্ৰশিক্ষণ দিয়াৰ কামৰ সৈতে জড়িত এগৰাকী অসমীয়া নাৰী ৷ সমগ্ৰ বিশ্বতে তেওঁ “কুইন অৱ দ্য এলিফেণ্টছ” বুলি পৰিচিত৷ সামাজিক কৰ্ম (জীৱ-জন্তু কল্যাণ)ৰ বাবে তেওঁৰ অনবদ্য অবদানৰ বাবে তেওঁলৈ এই স্বীকৃতি প্ৰদান কৰা হয়।

আনহাতে, বিজনীৰ পানবাৰীৰ সৰ্বেশ্বৰ বসুমতাৰীলৈও পদ্মশ্রী সন্মান আগবঢ়োৱা হৈছে। চিৰাঙ জিলাৰ বিজনী পানবাৰীৰ এগৰাকী আদৰ্শ কৃষক সৰ্বেশ্বৰ বসুমতাৰী। সন্মিলিত কৃষি পদ্ধতিৰে কৃষিকৰ্ম কৰি কৃষি ক্ষেত্রলৈ আগবঢ়োৱা অৱদানৰ বাবে এই স্বীকৃতি। তেওঁ কৃষি কৰ্মৰ জড়িয়তে স্বাবলম্বিতা লাভ কৰাৰ লগতে বহু লোকক সংস্থাপন দিবলৈ সক্ষম হৈছে।

অসমৰ আন এগৰাকী শিল্পী দৰং জিলাৰ ছিপাঝাৰৰ দ্ৰোণ ভূঞালৈ পদ্মশ্ৰী বঁটা। সুকনান্নী ওজাৰ দাইনাপালি আৰু দেওধনী নৃত্যৰ গুৰু হিচাবে প্ৰদান কৰা হ’ব এই সন্মান। ৬৯ বৰ্ষীয় গুৰু দ্ৰোণ ভূঞাই এসপ্তাহ আগতে লাভ কৰিছিল অসম গৌৰৱ বঁটা আৰু অসম চৰকাৰৰ শিল্পী পেঞ্চন। পূৰ্বে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা লাভ কৰা গুৰু দ্ৰোণ ভূঞাই পদ্মশ্ৰী বঁটা লাভ কৰা খবৰত উৎফুল্লিত সমগ্ৰ দৰং। ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশী তেখেতৰ বাসগৃহত উপস্থিত হৈ সম্বৰ্ধনা জনায় ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine + twenty =

Back to top button