AssamCMO AssamHimanta Biswa Sarmaleatest updatenationalnorth eastWild lifeঅসমজন্তুবন্যপ্ৰাণীভাৰত

ৰাজ্য চৰকাৰৰ উচ্ছেদ অভিযানৰ সুফলঃ ৪০ বছৰৰ পাছত পুনৰ লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্যলৈ উভতিছে গঁড়

বিগত ৪০ টা বছৰৰ পাছত লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্যলৈ পুনৰ গঁড় সমূহ উভতি আহিছে। অঞ্চলটোত আমাৰ অবৈধ বসতিৰ উচ্ছেদ অভিযানৰ সফলতাৰ এটা বছৰৰ ভিতৰতে গঁড় সমূহ ঘূৰি আহিছে

বিগত ২০২৩ বৰ্ষত ৰাজ্য চৰকাৰৰ নিৰ্দেশ মৰ্মে বন বিভাগে নগাঁৱৰ লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্যত উচ্ছেদ অভিযান চলাই অবৈধ বসতি মুক্ত কৰিছিল। উল্লেখ্য যে ১৯৮৩ চনলৈকে এই দুখন অভয়াৰণ্যত ৪৫ ৰ পৰা ৫০ তকৈ অধিক গঁড়ৰ বিচৰণ দেখা গৈছিল। কিন্তু পৰৱৰ্তী সময়ত চোৰাং চিকাৰী আৰু বেদখলকাৰিৰ উৎপাতত গঁড় সমূহ সেই এলেকা ত্যাগ কৰি ব্ৰক্ষ্মপুত্ৰৰ উত্তৰ উপত্যকাত থকা ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ গুচি গৈছিল।
লক্ষ্যনীয় ভাৱে যোৱা বৰ্ষত ৰাজ্য চৰকাৰৰ নিৰ্দেশত এই দুখন অভয়াৰণ্যত উচ্ছেদ চলাই বসতি মুক্ত কৰাৰ পিছত পুনৰ গঁড়ৰ আগমন দেখা পোৱা গৈছে।

তাৰ পিছতেই ৰাজ্যৰ মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ টুইটাৰ একাউণ্টত কয় যে “সকলোকে জনাবলৈ পাই সুখী হৈছোঁ যে বিগত ৪০ টা বছৰৰ পাছত লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্যলৈ পুনৰ গঁড় সমূহ উভতি আহিছে। অঞ্চলটোত আমাৰ অবৈধ বসতিৰ উচ্ছেদ অভিযানৰ সফলতাৰ এটা বছৰৰ ভিতৰতে গঁড় সমূহ ঘূৰি আহিছে।”

উল্লেখনীয় যে প্ৰায় ৫১.৭‌ বৰ্গকিলোমিটাৰ অৰণ্য পুনৰ বসতি মুক্ত কৰিবলৈ সক্ষম হৈছিল ২০২৩ চনৰ এই উচ্ছেদ অভিযানত।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.