অসমআঞ্চলিক

পৰীক্ষাত উত্তীৰ্ণ সুখ্যাতিৰে! কিন্তু ফলাফলৰ পূৰ্বৰে পৰা সন্ধান নাই ছাত্ৰৰ

তামুলপুৰৰ আঙৰকাটা গাঁৱৰ পৰা নিৰুদ্দেশ ছাত্ৰগৰাকী। বিগত ২০ দিন ধৰি কোনো সন্ধানহীন হৈ আছে ছাত্ৰ গৰাকী

পৰীক্ষাত উত্তীৰ্ণ সুখ্যাতিৰে! কিন্তু ফলাফলৰ পূৰ্বৰে পৰা সন্ধান নাই ছাত্ৰৰ

তামুলপুৰৰ আঙৰকাটা গাঁৱৰ পৰা নিৰুদ্দেশ ছাত্ৰগৰাকী। বিগত ২০ দিন ধৰি কোনো সন্ধানহীন হৈ আছে ছাত্ৰ গৰাকী। সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয় শিৱজিৎ ৰাজবংশী নামৰ ছাত্ৰজন। পৰীক্ষাৰ ফলাফলৰ কিছুদিন পূৰ্বৰে পৰা সন্ধান নাই ছাত্ৰজনৰ।

যোৱা ১৮ তাৰিখে নিজ ঘৰৰ পৰাই সন্ধানহীন হোৱা ছাত্ৰ গৰাকীৰ চেণ্ডেল আৰু জোতা উদ্ধাৰ হৈছিল ঘৰৰ কাষেৰে বৈ যোৱা কালানদীৰ পাৰত। অৱশ্যে বৰ্তমানেও ছাত্ৰ গৰাকীৰ কোনো সন্ধান নোলোৱাত চিন্তিত হৈ পৰিছে পৰিয়াল তথা আত্মীয় স্বজন।

অতি নম্ৰ আৰু ভদ্ৰ শিৱজিৎ ৰাজবংশীয়ে একাঠু পানী দেখিলেই ভয় কৰে যদিও ভৰা নদীৰ পাৰত তেওঁৰ চেণ্ডেল আৰু ছাতি উদ্ধাৰ হোৱাৰ পিছত বিভিন্ন প্ৰশ্নৰ উদয় হৈছে পৰিয়ালৰ মাজত। কোনো সদাশয় ব্যক্তিয়ে যদি ছাত্ৰ গৰাকীৰ সন্ধান লাভ কৰে তেন্তে ওচৰতে থকা আৰক্ষী থানা নতুবা 6362384 925
নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ ৰিয়ালবৰ্গৰ।

 

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.