অসম

গণৰাজ্য দিৱসত ৰাজ্যৰ কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব পতাকা?

খানাপাৰাত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা গণৰাজ্য দিৱসত পতাকা উত্তোলন কৰিব ৰাজ্যপাল জগদীশ মুখীয়ে। ৰাজ্যপালৰ লগতে খানাপাৰাত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

৭৩ সংখ্যক গণৰাজ্য দিৱসলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা। দেশৰ প্ৰান্তে প্ৰান্তে প্ৰায় সমাপ্ত হৈছে গণৰাজ্য দিৱসৰ প্ৰস্তুতি। অসমতো সমাপ্ত হৈছে গণৰাজ্য দিৱসৰ পেৰেডৰ অনুশীলন । পূৰ্বৰ দৰে নহ’লেও এইবাৰো পালন কৰা হ’ব গণৰাজ্য দিৱস। পিছে গণৰাজ্য দিৱসৰ দিনটোত ৰাজ্যৰ কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব পতাকা?

খানাপাৰাত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা গণৰাজ্য দিৱসত পতাকা উত্তোলন কৰিব ৰাজ্যপাল জগদীশ মুখীয়ে। ৰাজ্যপালৰ লগতে খানাপাৰাত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

নলবাৰীত পতাকা উত্তোলন কৰিব ৰণজিৎ কুমাৰ দাসে। যোৰহাটত অতুল বৰাই। তামুলপুৰত উৰ্খাও গৌৰা ব্ৰহ্মই। গোৱালপাৰাত চন্দ্ৰমোহন পাটোৱাৰীয়ে। বঙাইগাঁৱত পৰিমল শুক্লবৈদ্যই। ডিব্ৰুগড়ত কেশৱ মহন্তই। তেজপুৰ, শোণিতপুৰত ৰণোজ পেগুয়ে। শিলচৰ, কাছাৰত অশোক সিংহলে। লখিমপুৰত যোগেন মহনে। গোলাঘাটত সঞ্জয় কিষাণে। নগাঁৱত অজন্তা নেওগে। তিনিচুকীয়াত পীযুষ হাজৰিকাই আৰু ধুবুৰীত বিমল বৰাই।

আনহাতে, কোকৰাঝাৰত পতাকা উত্তোলন কৰিব BTCৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে। ডিফুত পতাকা উত্তোলন কৰিব কাৰ্বি আংলঙৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে। হাফলঙত পতাকা উত্তোলন কৰিব ডিমা হাচাওৰ মুখ্য কাৰ্যবাহী দেবোলাল গাৰ্লোছাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

9 + eight =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.