অসমজীৱনশৈলীফটো

শিলত কীৰ্তিচিহ্ণ অংকন কৰি ইণ্ডিয়া বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত শিৱসাগৰৰ এলিভা বুঢ়াগোঁহাইৰ

ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে শিৱসাগৰৰ হাঁহচৰা লংকাক গোহাঁই গাঁৱৰ এলিভা বুঢ়াগোঁহাই নামৰ এগৰাকী যুৱতীয়ে

এটা শিলতে আহোম যুগৰ চাৰিটাকৈ প্ৰাচীন কীতিচিহ্ন অংকন কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে শিৱসাগৰৰ হাঁহচৰা লংকাক গোহাঁই গাঁৱৰ এলিভা বুঢ়াগোঁহাই নামৰ এগৰাকী যুৱতীয়ে।

শিৱসাগৰ জিলাৰ হাঁহচৰা লংকাক গোহাঁই গাঁৱৰ পিতৃ শৰৎ বুঢ়াগোহাঁই আৰু মাতৃ সুনীমা বুঢ়াগোহাঁইৰ কন্যা এলিভা বুঢ়াগোহাঁই।

কোনো প্ৰশিক্ষণ নোলোৱাকৈয়ে একমাত্ৰ ইউটিউব,ইনষ্টাগ্ৰামৰ পৰা কিছু আয়ত্ব কৰি বৰ্তমান বিভিন্ন খেলুৱৈ,ৰাজনৈতিক,গায়কৰ চিত্ৰও অংকণ কৰিছে এলিভাই। এটা শিলতে আহোম যুগৰ অসমৰ চাৰিটা প্ৰাচীন কীতিচিহ্ন ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ, শিৱ দলৰ চিত্ৰ অংকণ কৰি ইণ্ডিয়া বুক অফ ৰেৰ্কডছত নিজৰ নাম অন্তভুক্ত কৰিবলৈ সক্ষম হৈছে যুৱতী গৰাকীয়ে।

বৰ্তমান এলিভা বুঢ়াগোঁহাই এগৰাকী ফেশ্বন ডিজাইনাৰ। লগতে ভৱিষ্যতেও এগৰাকী সফল ফেশ্বন ডিজাইনাৰ হোৱাৰ আশা মনত পুহি ৰাখিছে এলিভাই।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 − 6 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.