অসম

গাড়ী চালকলৈ জৰুৰী নিৰ্দেশনা, পুৰণা লাইচেন্স জমা দি ল’ব লাগিব নতুন স্মাৰ্ট লাইচেন্স

বাক্সা জিলাৰ পৰিবহন বিষয়া শোণিত কুমাৰ বৰাই জিলাখনৰ চালকসকললৈ জাৰি কৰিছে এই নিৰ্দেশনা।

বাইক, গাড়ী চালকৰ বাবে জৰুৰী নিৰ্দেশনা। শীঘ্ৰেই পুৰণা লাইচেন্স জমা দিবলৈ আহ্বান জনাইছে চালকসকলক।

পৰিবহন বিভাগে লৈছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত। বাক্সা জিলাৰ পৰিবহন বিষয়া শোণিত কুমাৰ বৰাই জিলাখনৰ চালকসকললৈ জাৰি কৰিছে এই নিৰ্দেশনা।

পুৰণি লাইচেন্স জমা দি নতুন স্মাৰ্ট লাইচেন্স লব লাগিব চালকসকলে। অতি শীঘ্ৰে এমট্ৰনৰ মাচুল জমা দিব লাগিব চালকসকলে।

ইয়াৰ বাবে পূৰ্বৰ সকলো কাগজৰ RC জমা দি নতুন স্মাৰ্ট RC লব লাগিব চালকসকলে। নম্বৰপ্লেটৰ ক্ষেত্ৰতো গাড়ীৰ স্বত্ত্বাধিকাৰীক হাই ছিকিউৰিটী নম্বৰপ্লেট লগোৱাৰ আহ্বান। নম্বৰপ্লেট বাক্সা জিলাৰ DTO কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰিব পাৰিব বাহনৰ গৰাকীয়ে।

আনহাতে, ঘৰে ঘৰে লাইচেন্স দিয়াৰ ব্যৱস্থাও কৰিছে বাক্সা জিলা পৰিবহন বিভাগে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen − seven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.