অসমঅসম আৰক্ষীগুৱাহাটী

গুৱাহাটী মহানগৰীৰৰ পৰা দুগৰাকী যুৱতীৰ আলফা স্বাধীনত যোগদান!

দুয়োগৰাকী যুৱতীয়ে ডিব্ৰুগড়ৰ এগৰাকী বান্ধৱীৰ ঘৰলৈ যাও বুলি ঘৰৰ পৰা ওলাই গৈ ঘুৰি নাহিল। যুৱতী দুগৰাকীয়ে আলফা স্বাধীনৰ কেম্পত উপস্থিত হোৱা বুলি জানিব পৰা গৈছে।

গুৱাহাটী মহানগৰীৰৰ পৰা দুগৰাকী যুৱতীৰ আলফা স্বাধীনত যোগদান!

গুৱাহাটী মহানগৰীৰৰ দুগৰাকী যুৱতীয়ে আলফা স্বাধীনত যোগদান কৰাৰ খবৰে এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে। আলফা স্বাধীনত যোগদান কৰা যুৱতী দুগৰাকীৰ ঘৰ গুৱাহাটী মহানগৰীৰ খাৰঘূলী আৰু উজান বজাৰত বুলি জানিব পৰা গৈছে। অৱশ্যে খবৰ এতিয়াও নিশ্চিত নহয়।

খবৰ অনুসৰি ১৫ ফেব্ৰুৱাৰীৰ পৰা যুৱতী দুগৰাকী সন্ধানহীন হৈ আছিল। যুৱতী দুগৰাকীৰ এগৰাকীয়ে ফাঁচী বজাৰৰ এখন দোকানত কাম কৰিছিল।

দুয়োগৰাকী যুৱতীয়ে ডিব্ৰুগড়ৰ এগৰাকী বান্ধৱীৰ ঘৰলৈ যাও বুলি ঘৰৰ পৰা ওলাই গৈ ঘুৰি নাহিল। যুৱতী দুগৰাকীয়ে আলফা স্বাধীনৰ কেম্পত উপস্থিত হোৱা বুলি জানিব পৰা গৈছে।

ইফালে আলফা স্বাধীনৰ তৰফৰ পৰা শেহতীয়াভাৱে প্ৰকাশ কৰা বিবৃত্তি অনুসৰি আলফা স্বাধীনে সামাজিক মাধ্যমৰ জৰিয়তে কোনোধৰণৰ কেডাৰ নিযুক্তি নকৰে বুলি স্পষ্ট কৰি দিছিল যদিও শেহতীয়াকৈ পুনৰ দুগৰাকী যুৱতী আলফা স্বাধীনত যোগদান কৰি বুলি ওলোৱা খবৰে বিশেষ তাৎপৰ্য বহন কৰিছে ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 + 16 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.