আন্তঃৰাষ্ট্ৰীয়খেল

Tokyo Olympics 2020: অলিম্পিকত খলকনি তুলিছে ভাৰতীয় খেলুৱৈ নীৰজ চোপ্ৰাই

প্ৰথম ৰাউণ্ডত ২৩ বছৰীয়া খেলুৱৈগৰাকীয়ে ৮৭.০৩ মিটাৰলৈ জেভলিন দলিয়াবলৈ সক্ষম হয়

সকলোৰে চকু নিৱদ্ধ ভাৰতীয় জেভলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাৰ ওপৰত। ভাৰতবাসীৰ আশা- নীৰজ চোপ্ৰাই কঢ়িয়াই আনক স্বৰ্ণ। স্বৰ্ণ জয়ৰে ভাৰতলৈ গৌৰৱ কঢ়িয়াই অনা নীৰজ চোপ্ৰা খেলপথাৰত নমাৰ পাছতে হাঁহি বিৰিঙিছে ক্ৰীড়া প্ৰেমীসকলৰ মুখত।

প্ৰথম ৰাউণ্ডত ২৩ বছৰীয়া খেলুৱৈগৰাকীয়ে ৮৭.০৩ মিটাৰলৈ জেভলিন দলিয়াবলৈ সক্ষম হয়। দ্বিতীয় ৰাউণ্ডত ৮৭.৫৮ মিটাৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে প্ৰতিদ্বন্দ্বী খেলুৱৈক। নীৰজৰ পিছতেই ৮৫.৩০ মিটাৰেৰে দ্বিতীয় স্থানত আছে জাৰ্মানীৰ জুলিয়ান ৱেবাৰ। তৃতীয় স্থানত আছে জাৰ্মানীৰে অন্য এগৰাকী খেলুৱৈ হীৰ জোহান্স ৱেটাৰ।

মন কৰিবলগীয়া যে, চূড়ান্ত বাছনিত উপনীত হোৱা ১২ গৰাকী খেলুৱৈয়ে ৩ বাৰকৈ সুযোগ লাভ কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − eight =

Check Also
Close
Back to top button