অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

টীয়কৰ কাকজান নদীৰ বাঢ়নী পানীয়ে বুৰালে ৩৭ ৰাষ্ট্ৰীয় ঘাইপথ

টীয়কৰ কাকজান নদীৰ বাঢ়নী পানীয়ে বুৰালে ৩৭ ৰাষ্ট্ৰীয় ঘাইপথ।

৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ পানীত বুৰ যোৱাত যাতায়তৰ ক্ষেত্ৰত সৃষ্টি হৈছে অসুবিধাৰ।

কাকজান, দ-গাঁও, দেৱান গাঁৱৰ বহু আৱাসিক অঞ্চল বাঢ়নী পানীৰ কৱলত।

নিশা পানী দ্ৰুত গতিত বাঢ়ি অহা বাবে SDRF বাঢ়িনীয়ে উদ্ধাৰ অভিযান চলাই কেইবাটাও পৰিয়ালক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰে।

চক্ৰ বিষয়া দেৱাহুতি ডেকাৰ তৎপৰতাত বানপীড়িত লোকসকলক এটি শিৱিৰত ৰখা হৈছে।

আনহাতে পুঠি নদীৰ বাঢ়নী পানীয়ে প্ৰায় পোন্ধৰখন গাঁও জলমগ্ন কৰিছে।

নষ্ট হৈছে খেতি, পানীৰ তলত  বুৰ গৈছে কৃষকৰ কঠীয়া।

পুঠি নদীৰ ৰিং বান্ধ ভঙাৰ বাবেই বাঢ়নী পানীয়ে অধিক ক্ষতিগ্ৰস্ত কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen + 7 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.