AssamInternationalleatest updateSocialঅসমদৈনিক বাতৰি

“মেঘনাথ নে মেঘনাত? নাম লৈ বিজেপি-কংগ্ৰেছৰ ‘মেছেজ যুদ্ধ’

ৰাজীৱ ভৱনত গৌৰৱ গগৈয়ে আজি দুপৰীয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ সময়তে সৃষ্টি হয় এক নতুন ৰাজনৈতিক বিতৰ্কৰ। ইতিমধ্যে ইয়াক কেন্দ্ৰ কৰি উত্তাল হৈ পৰিছে শাসক বিৰোধীৰ ৰাজনীতি। মেঘনাট ছেত্ৰী নামৰ এজন কংগ্ৰেছ নেতাৰ এটা হোৱাটছএপ মেছেজক কেন্দ্ৰ কৰিয়েই সৃষ্টি হৈছে এই নতুন ৰাজনৈতিক বিতৰ্কৰ। মেঘনাট ছেত্ৰী নামৰ কংগ্ৰেছ নেতাজনে হোৱাটছএপ মেছেজত লিখে যে ৰাজীৱ ভৱনত অনুষ্ঠিত হ’বলগা বিশেষ সভাখনত সংখ্যালঘু ভাই বন্ধুসকলক বিশেষভাৱে সংৰক্ষিত আসনত বহিবলৈ অনুৰোধ জনায়। আজিৰ দিনটোত টুপি পৰিধান কৰি নাহিবলৈ কয় আৰু কেমেৰাৰ সন্মুখলৈও নাহিবলৈ অনুৰোধ জনায়। মেছেজটোত লগতে তেওঁ লিখে যে বিজেপি দলে কংগ্ৰেছ তথা গৌৰৱ গগৈক এই বিষয়টোক লৈ যথেষ্ট সমালোচনা কৰি আছে। দলৰ স্বাৰ্থত এই নিৰ্দেশনা মানি চলিবলৈ সংখ্যালঘু কৰ্মীসকলক আহ্বান জনায়। মেঘনাট ছেত্ৰীৰ এই হোৱাটছএপ মেছেজ ভাইৰেল হোৱাৰ পাছতে ছচিয়েল মিডিয়াত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। তেওঁ কয়- কংগ্ৰেছৰ নৱনিযুক্ত সভাপতিজন সঁচাকৈয়ে বুদ্ধিমান। তেওঁৰ সোঁহাতস্বৰূপ ছেত্ৰী উপাধিৰ ব্যক্তিজনৰ হোৱাটছএপ মেছেজে সকলো উদঙাই দিলে। কিন্তু সত্যক জানো ঢাকি ৰাখিব পাৰি। ইয়াৰ প্ৰত্যুত্তৰত মেঘনাট ছেত্ৰীয়ে ছচিয়েল মিডিয়াত পুনৰ লিখিলে, ডিয়েৰ মিনিষ্টাৰ ককাইদেউ, মাই নেম ইজ মেঘনাট ছেত্ৰী, নট মেঘনাট ছেত্ৰী। পৰৱৰ্তী সময়ত মোৰ নাম শুদ্ধকৈ লিখিবলৈ আপোনালোকৰ আই টি চেলক কব। অনুগ্ৰহ কৰি বেছি ভয় নাখাব। আমাৰ দৰ্শন আপোনালোকৰ দৰে দুৰ্বল নহয়। অৰ্থাত মেঘনাথ ছেত্ৰীয়ে এই বাৰ্তাৰে বুজাব খুজিলে যে বিজেপিৰ আই টি চেলে কংগ্ৰেছৰ নামত ভুৱা মেছেজ প্ৰস্তুত কৰি ভাইৰেল কৰিছে। কিয়নো সেই নিৰ্দিষ্ট মেছেজটো ভুলকৈ লিখা হৈছে মেঘনাথ ছেত্ৰীৰ নাম।যিয়ে নহওক, এই কাণ্ডক লৈ এতিয়া তোলপাৰ শাসক বিৰোধীৰ ৰাজনীতি।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen + 10 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.