AssamInternationalleatest updateSocialঅসমদৈনিক বাতৰি

অসমৰ বান পৰিস্থিতি লৈ উদ্বিগ্ন প্ৰধানমন্ত্ৰী মোদী

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে টেলিফোনত আলোচনা

অসমৰ বান পৰিস্থিতিৰ অৱনতিৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে টেলিফোনযোগে আলোচনা কৰে। এই আলোচনা কালত প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ বান পৰিস্থিতিৰ সবিশেষ খবৰ লোৱাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ সহায়-সহযোগিতাৰ আশ্বাস দিয়ে। উত্তৰ-পূবৰ সামগ্ৰিক পৰিস্থিতিক লৈয়ো উদ্বেগ প্ৰধানমন্ত্ৰী মোদী । প্ৰধানমন্ত্ৰীয়ে বিশেষকৈ অসম আৰু উত্তৰ-পূব অঞ্চলৰ পূৰ্ণাঙ্গ মূল্যায়ন কৰি প্ৰয়োজনীয় সাহায্য প্ৰেৰণৰ নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক ৰাজ্যৰ প্ৰাণ হানিৰ সংখ্যা, স্থানান্তৰ শিবিৰ স্থাপন, উদ্ধাৰ অভিযান আদিৰ বিষয়ে অৱগত কৰে। “প্ৰধানমন্ত্ৰীয়ে অসমৰ জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰিবলৈ সকলো কেন্দ্ৰীয় সংস্থা আৰু NDRFক সজাগ থাকিবলৈ নিৰ্দেশ দিছে।”

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − ten =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.