অপৰাধঅসমজন্তুবন্যপ্ৰাণী

হৃদয়বিদাৰক! গাঁওবাসীয়ে বিহ ঢালি নিধন কৰিলে পশু-পক্ষী

দেখিলেই চকু সেমেকি উঠা কৰুণ দৃশ্য

দেখিলেই চকু সেমেকি উঠা এক কৰুণ দৃশ্য। ধনশিৰি মহকুমাৰ অসম-নাগালেণ্ড সীমান্তৰ উৰীয়ামঘাট নৱজ্যোতি গাঁৱত কোনো দুষ্কৃতিকাৰীয়ে বিহ দি নিধন কৰিছে বহু চৰাইৰ লগতে ছাগলী৷

ইতিমধ্যে ধনশিৰি মহকুমাৰত খৰাং পৰিস্থিতিয়ে দেখা দিয়া হেতুকে কৃষকে শুকানে-শুকানে পথাৰত সিঁচিব লগীয়া হৈছে ধান আৰু সেয়েহে খেতি পথাৰত আহি চৰাই চিৰিকটিয়ে ধান খোৱাৰ বাবে হয়তো খেতিয়কে এনেদৰেই কলৰ মাজত বিহ ভৰাই থৈছে, যাৰ ফলত মৃত্যু মুখত পৰিছে বহু চৰাই চিৰিকটিৰ লগতে ঘৰচীয়া জীৱ-জন্তু৷

কলৰ মাজত বিহ মিহলাই একোংশ লোকে এনেদৰেই নিধন কৰিছে বহু পক্ষীৰ লগতে ছাগলী৷ খেতি পথাৰৰ মাজত এনেদৰেই অত টত সিঁচৰিত হৈ পৰি ৰৈছে বহু মৃত চৰাই চিৰিকটি, কোনোবাটো আকৌ মৃত্যুৰ সতে যুঁজি চটফটাই পৰি আছে পথাৰৰ মাজত৷ জীৱ শ্ৰেষ্ঠ মানুৰ এনে কাণ্ডয়ে সৰুপথাৰ উৰীয়ামঘাটৰ সচেতন মহলত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.