অসমজন্তুবন্যপ্ৰাণী

বাঘৰ আক্ৰমণত গুৰুত্বৰভাৱে আহত দুই মহিলা

মৰাণৰ দোমৰ দলং চাহ বাগিচাত বাঘৰ সন্ত্ৰাস

মৰাণত বাঘৰ আক্ৰমণত গুৰুত্বৰভাৱে আহত দুই মহিলা।

মৰাণৰ দোমৰ দলং চাহ বাগিচাত বাঘৰ সন্ত্ৰাস। বাঘৰ আক্ৰমণত আহত হ’ল দুগৰাকী মহিলা। মহিলা দুগৰাকী ক্ৰমে ২৬ বছৰীয়া তাৰা গড় আৰু ২৮ বচৰীয়া মেঘালী পাতৰ।

পুৱা বাগিচাখনত পাত চিঙি থকাৰ অৱস্থাত বাঘে আক্ৰমণ কৰে দুয়োগৰাকী মহিলাক। সম্প্ৰতি দুয়োগৰাকী আহত মহিলাক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে।

উল্লেখ্য যে, দীৰ্ঘ দিন ধৰি দোমৰদলং বাগিচা অঞ্চলত বাঘে সন্ত্ৰাস চলাই পশুধন ভক্ষণ কৰি বাগিচা অঞ্চলত আতংকৰ সৃষ্টি কৰি আহিছে যদিও বন বিভাগে পিঞ্জৰাবদ্ধ কৰিব পৰা নাছিল বাঘক। আজি পুনৰ দুগৰাকী মহিলাক বাঘে আক্ৰমণ কৰি গুৰুত্বৰভাৱে আহত কৰাত এতিয়া সমগ্ৰ দোমৰদলং বাগিচাৰ শ্ৰমিকৰ মাজত সৃষ্টি হৈছে তীব্ৰ আতংকৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.