Covid-19অৰ্থনৈতিকঅসমজীৱনশৈলী

কৃষি বিভাগে যোগান ধৰা উন্নত মানৰ ধানৰ বীজ পোন্ধৰ দিনৰ পাছতো বীজেই হৈ থাকিল

বীজবোৰ প্ৰকৃত হয়নে নহয় তাক লৈ সন্দেহ

কৰ’নাসৃষ্ট পৰিৱেশৰ বাবে দেশত সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে জনসাধাৰণক কোঙা কৰি পেলাইছে তেজপুৰৰ কৃষকক।

কৃষি বিভাগে খাতি খোৱা দৰিদ্ৰ কৃষকসকলক বীজ যোগান ধৰিলে সঁচা, কিন্তু তেজপুৰৰ পৰ্বতীয়াৰ শিলৰ সাঁকোত পথাৰত সিঁচা ধানৰ বীজ নগজিল। পোন্ধৰ দিনৰ আগতে সিঁচা ধান ধানেই হৈ থাকিল। তাকে লৈ হুমুনিয়া কাঢ়িছে অঞ্চলটোৰ কৃষিজীৱি ৰাইজে।

কৃষি বিভাগে যোগান ধৰা উন্নত মানৰ বীজবোৰ প্ৰকৃত হয়নে নহয় তাক লৈ সন্দেহ। বিষয়াৰ এনে দায়িত্বহীন কৰ্মকাণ্ডকৰ বিৰুদ্ধে স্থানীয় ৰাইজে জিলা প্ৰশাসনৰ ওচৰত উচিত তদন্তৰ দাবী কৰিছে। আগন্তক দিনত যদি বিভাগৰ কতৃপক্ষই বা জিলা প্ৰশাসনে খাতি খোৱা গ্ৰাম্যঅঞ্চল কৃষক সকলৰ সৰ্বংগীন উন্নয়ন সাধন আৰু স্বাবলম্বী স্বাৰ্থত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি বিভাগৰ বিষয়াক নাকী লগাব নোৱাৰে, তেন্তে অনাগত দিনত ৰাইজে কৃষি বিভাগৰ প্ৰতি থকা আস্থা হেৰুৱাই পেলাৱ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.